ETV Bharat / state

নম্বৰ প্লেট বিহীন বাহন সহ হোজাইত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

author img

By

Published : Jun 22, 2021, 9:13 PM IST

হোজাই জিলা লংকাত সোমবাৰে নিশা লংকা বন বিভাগৰ অভিযান । অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ । কাঠ কঢ়িয়াই অনা নম্বৰ প্লেট বিহীন মহিন্দ্ৰা মেক্স পিক আপ বাহনখনো জব্দ কৰিছে বন বিভাগে ।

forest department rescues illegal wood in lanka hojai
নম্বৰ প্লেট বিহীন বাহন সহ হোজাইত জব্দ হ’ল বৃহৎ পৰিমাণৰ চোৰাং কাঠ

হোজাই, 22 জুন : বিগত মে’ মাহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(cm himanta bishwa sarma ) নেতৃত্বাধীন চৰকাৰখন ৰাজ্যৰ শাসনত অধিস্থিত হোৱাৰে পৰা ৰাজ্যত চলি থকা অবৈধ কাম কাজ নিয়ন্ত্ৰণ কৰিবলৈ উঠি পৰি লাগিছে ৰাজ্য চৰকাৰৰ বহুকেইটা বিভাগ ৷ বিশেষকৈ, অসম আৰক্ষী(assam police ) আৰু বন বিভাগ(forest department )ৰ নেতৃত্বত এনেধৰণৰ বহু অপৰাধ নিয়ন্ত্ৰণৰ প্ৰচেষ্টা বিগত এমাহতকৈও অধিক দিন ধৰি অবিৰতভাৱে চলি আছে ৷ বনবিভাগৰ নেতৃত্বত বনাঞ্চলৰ ভূমি বেদখল, চোৰাং কাঠৰ (illegal wood) সৰবৰাহ তথা বন্য জন্তুৰ জীৱনৰ প্ৰতি ভাবুকি আনিব পৰা প্ৰত্যেকটো অপৰাধ নিয়ন্ত্ৰণৰ বাবে বদ্ধপৰিকৰ হৈ অবিৰত প্ৰচেষ্টা চলাইছে ৰাজ্যৰ বন বিভাগে ৷

ইফালে, বন-বিভাগৰ এনে তৎপৰতাৰ পিছতো এচাম অসৎ লোকৰ বনাঞ্চল ধ্বংস কৰি বক্ৰ পথেৰে ধন উপাৰ্জন কৰাৰ লিপ্সা নিয়ন্ত্ৰণ হোৱা নাই ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও চলি আছে বনাঞ্চলৰ ধ্বংস যজ্ঞ ৷

ইফালে, বৰ্তমানে বনাঞ্চল ধ্বংস আৰু চোৰাং কাঠৰ অবৈধ ব্যৱসায়ৰ কেন্দ্ৰবিন্দু সদৃস হৈ পৰিছে হোজাই জিলাৰ লংকা ৷ শেহতীয়াকৈ, সোমবাৰে নিশা লংকা বন বিভাগে গোপন সূত্ৰৰ পম খেদি অঞ্চলটোত চোৰাং কাঠৰ এনে অবাধ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলায় ৷

এই অভিযানত বনবিভাগে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ ইফালে, কাঠখিনি কঢ়িয়াই অনা হৈছিল এখন নম্বৰ প্লেট বিহীন মহিন্দ্ৰা মেক্স পিক-আপৰ জৰিয়তে ৷ এই অভিযানতে উক্ত বাহন খনো জব্দ কৰি থয় বনবিভাগে ৷ আনহাতে, জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় এক লক্ষাধিক টকা হব বুলি জানিবলৈ দিছে বন বিভাগে ৷ ইয়াৰ লগতে, কাঠখিনি বৰ্তমান লংকা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত ৰখাৰ লগতে তদন্ত অব্যাহত থকাৰ কথাও জনায় বন বিভাগে ৷

লগতে পঢ়ক : মন্ত্ৰী পীযুষ হাজৰিকাৰে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.