ETV Bharat / state

ভৰিত ফুটবলৰ সলনি বেণ্ডেজ এদল ফুটবল খেলুৱৈৰ

author img

By

Published : Jun 19, 2022, 10:36 PM IST

ফাইনেল খেল খেলি খিতাপ জিকি উভটিম বুলি লামডিঙৰ পৰা লংকাৰ চিংজুৰি অভিমুখে এখন মেজিক বাহনত আহিছিল লামডিঙৰ এটা ফুটবল দল (Football Team met with Road accident in Hojai) ৷ পিছে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি ৷ সম্প্ৰতি ভৰিত ফুটবলৰ সলনি বেণ্ডেজ ফুটবল দলটোৰ খেলুৱৈসকলৰ ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

Football Team met with Road accident in Hojai
ভৰিত ফুটবলৰ সলনি বেণ্ডেজ এদল ফুটবল খেলুৱৈৰ

হোজাই, 19 জুন: দেওবাৰে হোজাইত সংঘটিত হয় পথ দুৰ্ঘটনা (Road accident in Hojai) ৷ হোজাই জিলা লংকা-লামডিং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এছ(S) টাৰ্ণিঙত এখন খেলুৱৈৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয় ৷ দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনৰ খেলুৱৈসকল লামডিঙৰ এটা ফুটবল দলৰ সদস্য আছিল (Football Team met with Road accident in Hojai) ৷

ঘটনা অনুসৰি, খেলুৱৈ ভৰ্তি মেজিক বাহনখন লামডিঙৰ পৰা লংকাৰ চিংজুৰি অভিমুখে গৈ থাকোতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ জানিব পৰা মতে, চিংজুৰিত দলটোৱে ফাইনেল খেলিবলৈ আহিছিল ৷ দলটোৰ আহত খেলুৱৈকেইজনক স্থানীয় ৰাইজৰ সহযোগত লংকা প্ৰাথমিক চিকিৎসালয়ত(Lanka primary health centre) ভৰ্তি কৰা হয় ৷ যদিও তাৰ মাজৰ 5 জন খেলুৱৈৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে হোজাইৰ হাম হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

এই দুৰ্ঘটনাটোত খেলুৱৈসহ ১৭ জন লোক আহত হয় (Football Team Players Among 17 Injured In Accident) ৷ ইতিমধ্যে আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখ্য যে, দুৰ্ঘটনাত পতিত হোৱা ফুটবল দলটোৰ নাম চেলিছ ক্ৰচিং চেন্টাৰ লামডিঙৰ (Selis Coaching Centre from Lumding) বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: আৰক্ষী বিষয়াৰ চৰম সিদ্ধান্ত: চাৰ্ভিছ পিষ্টলৰে গুলীয়ালে নিজৰ মূৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.