ETV Bharat / state

কপিলীৰ বানত জলমগ্ন হোজাইৰ বিস্তীৰ্ণ অঞ্চল - বান

হোজাইত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ জিলাখনত কপিলী নৈৰ বাঢ়নী পানীয়ে নতুনকৈ বিভিন্ন অঞ্চল বুৰাই পেলোৱাৰ ফলত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি ৷ জিলাখনৰ ঠেপলাগুৰি, কোমোৰাকটা, ৰাইকাটা, নোভাঙা, হাতিমৰা আদি অঞ্চল কপিলীৰ বানে বুৰাই পেলাইছে ৷

Flood situation of hojai latest etv bharat news
হোজাইত বানৰ বিধ্বংসী ৰূপ
author img

By

Published : Jul 12, 2020, 11:49 AM IST

হোজাই,12 জুলাই: হোজাই জিলাত বানৰ ফলত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি ৷ বাৰিষাৰ দ্বিতীয়টো বানে ইতিমধ্যে জিলাখনত হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰাৰ পিছত পুনৰ কপিলী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলায় ন ন অঞ্চল ৷ ফলত দিকবিদিক হেৰুওৱাৰ উপক্ৰম হৈছে বৃহত্তৰ অঞ্চলৰ জন সাধাৰণ ৷

হোজাইত বানৰ বিধ্বংসী ৰূপ

জিলাখনৰ ঠেপলাগুৰি, কোমোৰাকটা, ৰাইকাটা, নোভাঙা, হাতিমৰা আদি অঞ্চল কপিলীৰ বানে বুৰাই পেলায় ৷ বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কপিলীৰ সমীপৱৰ্তী চাৰিখনকৈ গাঁও বানৰ কবলত পৰে ৷ বানে জনজীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ সমান্তৰালকৈ খেতিপথাৰ বুৰাই পেলোৱাত মুৰে-কপালে হাত দিছে কৃষকসকলে ৷ খেতিৰ বাবে মজুত কৰি ৰখা কঠীয়াসমূহ বানে উটুৱাই নিয়াত সম্প্ৰতি কৃষকসকল বিপদৰ সন্মুখীন হৈছে ৷ তাৰোপৰি জিলাখনৰ কেইবাঠাইতো বাঢ়নী পানীয়ে মথাউৰি চিঙি নিয়াত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় লোকসকলৰ মাজত ৷ ইতিমধ্যে জিলা খনৰ বিভিন্ন অঞ্চলত বানৰ বাবে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৷

লগতে চাওকঃ নতুন মোৰ লৈছে নয়নতৰা বৰুৱা হত্যাকাণ্ডই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.