ETV Bharat / state

হোজাইৰ পৰা ৰে’লৰ জৰিয়তে বানাক্ৰান্তলৈ খাদ্য-বস্তু যোগান

author img

By

Published : Jun 25, 2022, 10:48 PM IST

একেই আছে হোজাইৰ বান পৰিস্থিতি ৷ বন্যাৰ্তৰ এই বিপদৰ সময়ছোৱাত হোজাইৰ পৰা ৰে’লৰ জৰিয়তে বানাক্ৰান্তলৈ খাদ্য-বস্তু যোগান জিলা প্ৰশাসনৰ (Flood relief supply to flood victims by train) ৷ এখন বিশেষ ৰে’লৰ জৰিয়তে কামপুৰ ৰাজহ চক্ৰ আৰু ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত বানাক্ৰান্তলৈ কঢ়িওৱা হৈছে খাদ্য-বস্তু ।

Flood Relief Special Train to help flood-affected people in the Hojai district
হোজাইৰ পৰা ৰে’লৰ জৰিয়তে বানাক্ৰান্তলৈ খাদ্য-বস্তু যোগান

হোজাই, 25 জুন: ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও কমা নাই বানৰ ভয়াবহতা (Flood in Assam 2022) । কোনো কোনো অঞ্চলত কিছু পৰিমাণে পানী কমিছে যদিও স্বগৃহলৈ উভতিব পৰা নাই বন্যাৰ্ত । সম্প্ৰতি একেই পৰিৱেশ দেখা গৈছে হোজাইত (Flood in Hojai) । জিলাখনৰ বিস্তীৰ্ণ অঞ্চল এই পৰ্যন্ত পানীৰ তলত (Vast area of Hojai still submerged)।

বিগত এক মাহৰ ভিতৰত দুবাৰকৈ কপিলী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ পিছত এতিয়া চৌদিশে আছে কেৱল বোকা, পানী আৰু ভগ্নাৱশেষ । মথাউৰি ছিঙাৰ সময়ত প্ৰাণৰ মমতাত সকলো এৰি নিৰাপদ ঠাইলৈ ঢাপলি মেলিছিল জিলাখনৰ ৰাইজে (Many people homeless due to Kopili River flood) ৷

নিজৰ আপোন ঘৰখনৰ লগতে হেৰুৱাই এতিয়া মথাউৰিৰ ওপৰত ট্ৰিপালেৰে সজা একোখনকৈ সৰু চালিৰ তলত দিন অতিবাহিত কৰিছে বন্যাৰ্তই । বন্যাৰ্তৰ এই বিপদৰ সময়ছোৱাত হোজাইৰ পৰা ৰে’লৰ জৰিয়তে বানাক্ৰান্তলৈ খাদ্য-বস্তু যোগানৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ৷ এখন বিশেষ ৰে’লৰ জৰিয়তে কামপুৰ ৰাজহ চক্ৰ আৰু ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত বানাক্ৰান্তলৈ কঢ়িওৱা হৈছে খাদ্য-বস্তু (Flood relief supply to flood victims by train) ।

নগাঁৱৰ পৰা কামপুৰলৈ যোগাযোগ কৰা প্ৰতিটো পথ বানৰ বাবে বিচিন্ন হোৱাত এইদৰে ৰে’লৰ জৰিয়তে খাদ্যবস্তু যোগান ধৰাৰ ব্যৱস্থা কৰিছে নগাঁও জিলা প্ৰশাসনে । অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশ অনুসৰি যাতে কোনো কাৰণতে বানাক্ৰান্তৰ খাদ্যৰ আসুবিধাত পৰিবলগীয়া নহয়, তাৰ বাবে এনে ধৰণৰ ব্যৱস্থা কৰা হৈছে বুলি নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত সান্তনা বৰাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: অমৰনাথ যাত্ৰাই এই বছৰ অধিক ভাবুকিৰ সৃষ্টি কৰিছে : জ্যেষ্ঠ সেনা বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.