ETV Bharat / state

Felicitation Programme: হোজাই ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

author img

By

Published : Jul 30, 2022, 7:15 AM IST

সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান (Felicitation Programme by AASU in Hojai)। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯০% নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন ৷

Felicitation Programme by AASU in Hojai
হোজাই ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

হোজাই,30 জুলাই: শুকুৰবাৰে হোজাই জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শংকৰদেৱ নগৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ সুধাকন্ঠ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এক অভিনন্দন অনুষ্ঠানৰ (Felicitation Programme by AASU in Hojai) ৷ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯০% নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জিলাখনৰ ছাত্র-ছাত্রীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে জিলা ছাত্ৰ সন্থাই ।

একেটা অনুষ্ঠানতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ শিক্ষানুষ্ঠানৰ মুৰব্বীসকলকো অভিনন্দন জনোৱা হয় (Honoring Head of Institutes)।

অনুষ্ঠানটোৰ আঁত ধৰে হোজাই জিলা ছাত্র সন্থাৰ সভাপতি দেৱজিৎ ডেকাই ৷ লংকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ফটিক তামুলীয়ে উদ্বোধন কৰা অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয় এটি সমবেত সংগীতেৰে ৷ অনুষ্ঠানটোত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ৷

অনুষ্ঠানটোত মুখ্য অতিথি হিচাবে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ উপস্থিত থাকে ৷ বিশিষ্ট অতিথিৰূপে হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী, আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থও উপস্থিত থাকে ৷ কৃতী ছাত্ৰ-ছাত্ৰী সকলক একোখন মানপত্ৰ, ফাইল কভাৰ আৰু গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । অসম সংগীত পৰিৱেশনেৰে অভিনন্দন অনুষ্ঠানটোৰ সামৰণি পৰে ৷

লগতে পঢ়ক: সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.