ETV Bharat / state

প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে'ৰ পত্নীৰ দেহাৱসান - অৰ্ধেন্দু কুমাৰ দেৰ পত্নীৰ দেহাৱসান

চিকিৎসাধীন অৱস্থাতে প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে'ৰ পত্নী মায়া দেৰ মৃত্যু ৷ 1943 চনৰ 1 মাৰ্চত জন্ম গ্ৰহণ কৰা মায়া দে'ৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে আত্মীয়ৰ লগতে শুভাকাংক্ষীসকল ৷

ex minister ardhendu dey's wife is no more
প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেৰ পত্নীৰ দেহাৱসান
author img

By

Published : Jun 11, 2021, 10:00 PM IST

Updated : Jun 11, 2021, 10:19 PM IST

হোজাই,11 জুন: কৰ'ণাত আক্ৰান্ত হৈ প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে'ৰ পত্নীৰ দেহাৱসান ৷ কিছুদিন পূৰ্বে কৰ'ণাত আক্ৰান্ত হোৱা মন্ত্ৰী পত্নীগৰাকী অৰ্ধেন্দু দে' মালিকানাধীন কৃষ্ণ নগৰস্থিত দেজ নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছিল যদিও শুকুৰবাৰে ৰাতিপুৱা চিকিৎসাধীন অৱস্থাতে পত্নী মায়া দে'ৰ মৃত্যু হয় ৷ 1943 চনৰ 1 মাৰ্চত জন্ম গ্ৰহণ কৰা মায়া দে'ৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে আত্মীয়ৰ লগতে শুভাকাংক্ষীসকল ৷

প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে'ৰ পত্নীৰ দেহাৱসান

উল্লেখ্য যে, মন্ত্ৰী পত্নী হোৱাৰ পাচতো কোনো অহংকাৰ নথকা পত্নীৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয়, "মোৰ পত্নীৰ কোনো অহংকাৰ নাছিল ৷ সদায় ৰাইজৰ সেৱাৰ মন এটা কঢ়িয়াই লৈ ফুৰিছিল ৷ মৃত্যুৰ আগমূহুৰ্তত সকলো সোণৰ আ-অলংকাৰ দুখীয়া ছোৱালীৰ বিয়াত উপহাৰ দিয়াৰ বাবে আগবঢ়াই থৈ গৈছে ৷"

ইফালে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ পত্নীৰ অন্ত্যেষ্টিক্ৰিয়া শান্তিবন শ্মশানত সমাপন কৰা হয়। মৃত্যুৰ সময়ত সংসাৰত মায়াই স্বামী, পুত্ৰ-বোৱাৰী আৰু নাতিনীয়েকক এৰি থৈ গৈছে ৷

লগতে পঢ়ক : ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা

Last Updated : Jun 11, 2021, 10:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.