ETV Bharat / state

হোজাইত বন্যহস্তীয়ে ভাঙিলে বিদ্যালয়কে ধৰি বহু বাসগৃহ

author img

By

Published : Aug 21, 2021, 5:15 PM IST

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জলাঞ্চললৈ প্ৰায়ে ওলাই আহে বন্যহস্তী ৷ জনাঞ্চললৈ ওলাই আহিয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে বন্যহস্তীসমূহে ৷ শুকুৰবাৰে নিশা হোজাই জিলাত কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে বন্যহস্তীৰ জাকে ৷

elephant-terror-in-village-hojai-district-etv-bharat-news
হোজাইত বন্যহস্তীয়ে ভাঙিলে বিদ্যালয়,বাসগৃহ

হোজাই,21 আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও বন্যহস্তীৰ উপদ্ৰব অব্যাহত আছে ৷ তাৰমাজতে শুকুৰবাৰে নিশা হোজাই জিলাৰ বিভিন্ন প্ৰান্তত বন্যহস্তীয়ে উপদ্ৰব চলোৱা দেখা যায় ৷ হোজাই জিলাৰ ৰাইকটা ট্ৰাইবেল হাইস্কুলৰ পুৰণি গৃহ আৰু সামগ্ৰী শুকুৰবাৰে নিশা বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰে ৷

একেদৰে বন্যহস্তীৰ জাকটোৱে কোমোৰাকটাৰ শংকৰ মিছন, আৰতি বৰ্মনৰ বাসগৃহ আৰু ৰাইকটা বজাৰৰ বনমালী দাসৰ গেলামালৰ দোকান কেইখনো ভাঙি লণ্ডভণ্ড কৰে ৷ ইপিনেদি অঞ্চলটোৰ বৃহৎ পৰিমাণৰ খেতি পথাৰৰো বিস্তৰ ক্ষতি সাধন কৰে বন্যহস্তীৰ জাকটোৱে ৷

লগতে পঢ়কঃকেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাতৃভূমিত বিপুল আদৰণি

উল্লেখযোগ্য যে, নিশা হ’লেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে বন্যহস্তীৰ জাক সমূহ ৷ জনাঞ্চললৈ আহিয়ে এক প্ৰকাৰৰ আতংকিত পৰিৱেশৰ সৃষ্টি কৰে হাতীৰ জাক সমূহে ৷ হোজাই জিলাৰ বন বিভাগে জানিবলৈ দিয়া অনুসৰি বন্যহস্তীৰ জাকটো হোজাই দীঘলবালিৰ পৰা নিশা হ’লেই ওলাই আহে জনাঞ্চললৈ ৷

প্ৰতিদিনৰ দৰে শুকুৰবাৰে নিশাও কেইবাটাও হাতীৰ জাক ওলাই আহি পুৱালৈকে উক্ত অঞ্চল সমূহত বিচৰণ কৰি এক আতংকিত পৰিৱেশৰ সৃষ্টি কৰে ৷ তাৰ পাছতে স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত অঞ্চলটোত বন বিভাগৰ লোক উপস্থিত হৈ বন্যহস্তীৰ জোকটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয় ৷

আনহাতে বন বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জনাঞ্চললৈ অহা ওলাই অহা বন্যহস্তীৰ জাকটোৰ মাজত এজনী মাইকী হাতীও আছিল ৷ সেই মাইকী হাতী জনীয়ে শুকুৰবাৰে নিশাই হোজাইৰ এখন বনাঞ্চলত জন্ম দিয়ে এটা হাতী পোৱালীৰ ৷

উল্লেখ্য যে, প্ৰতিবছৰে পাহাৰত খাদ্যৰ অভাৱৰ বাবে বন্যহস্তীয়ে জনাঞ্চলত প্ৰৱেশ কৰে । যাৰ ফলত হাতী মানুহৰ সংঘাত হোৱা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । এই সংঘাতৰ পৰিণতি স্বৰূপে বহু লোক আৰু বন্যহস্তীৰ মৃত্যু হোৱা দেখা যায় । ইতিমধ্যে একাংশ বেচৰকাৰী সংস্থা আৰু লোকে পাহাৰত ফলৰ গছ ৰোপন কৰি হাতীৰ খাদ্যৰ ব্যৱস্থা কৰি দিছে ।

কিন্তু লক্ষণীয় ভাৱে এই সমস্যা সমাধানৰ ক্ষেত্ৰত আজিলৈ বন বিভাগে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত হৈ আহিছে ।

লগতে পঢ়কঃ তালিবানক সমৰ্থন কৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.