হোজাই, 15 এপ্ৰিল : হোজাইত বন্যহস্তীৰ তাণ্ডৱে টোপনি কাঢ়িছে সাধাৰণ ৰাইজৰ ৷ খাদ্য সন্ধানত জনাঞ্চললৈ উলাই অহা বন্যহস্তীয়ে শেহতীয়াকৈ হোজাই জিলাৰ কেইবাখনো গাঁৱত তাণ্ডৱ চলাই বিষ্টৰ ক্ষতি সাধন কৰে ৷
স্থানীয় লোকে সদৰি কৰা মতে ৰাইকাটা কছাৰী গাঁও, চন্দনপুৰ, বিষ্ণুপুৰ, শিঙিমাৰী, আমতলা আদি গাঁৱত হাতীয়ে চলাই তাণ্ডৱ। খাদ্যসন্ধানত জনাঞ্চললৈ উলাই অহা হাতীৰ জাকটোৱে সোনাৰাম কেম্প্ৰাই জাতীয় বিদ্যালয়ৰ দেৱাল ভঙাৰ লগতে আন কেইবাটাও পৰিয়ালৰ বাসগৃহ ক্ষতি সাধন কৰে ৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি উক্ত অঞ্চল সমূহত বনৰীয়া হাতীৰ তাণ্ডৱৰ সন্দৰ্ভত স্থানীয় বন বিভাগক অৱগত কৰিছিল যদিও আজি পৰ্যান্ত এই সমস্যাটো সমাধানত গুৰুত্ব প্ৰদান নকৰাৰ অভিয়োগ তুলিছে স্থানীয় লোকে ৷
লগতে পঢ়ক: পহিলা বহাগত ৰঙিয়াৰ তেল ডিপুলৈ আহি আচৰিত হ’ল গ্ৰাহক