ETV Bharat / state

বন বিভাগৰ অভিযানত জব্দ অবৈধ বালি ভৰ্তি ডাম্পাৰ - লংকা বন বিভাগ

বিগত কিছুদিনৰ পৰা একাংশ অসাধু ব্যৱসায়ীয়ে চৰকাৰী কৰ ফা‍ঁকিৰে ডবকাৰ পৰা লংকা-লামডিং অভিমুখে প্ৰয়োজনতকৈ অধিক শিল,বালি আদি ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পৰিবহণ কৰি চলাই আহিছিল এক ৰমৰমীয়া ব্যৱসায় ৷ তদুপৰি একোখন বাহনে দিনটোত একেখন চালান বা টিপিৰে এবাৰতকৈ অধিক কঢ়িয়াইছিল শিল-বালি ৷ উক্ত বাহনসমূহৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰি লংকাৰ বন বিভাগে দেওবাৰে চলাই এক অভিযান ৷

dumper seized by forest department of lanka hojai assam etv bharat news
বন বিভাগৰ অভিযানত জব্দ অবৈধ বালি ভৰ্তি ডাম্পাৰ
author img

By

Published : Aug 9, 2020, 12:02 PM IST

হোজাই,9 আগষ্ট: হোজাই জিলাত বন বিভাগে দেওবাৰে নিচেই পুৱাতে এক অভিযান চলাই জব্দ কৰে চালানবিহীন ডাম্পাৰকে ধৰি কেইবাখনো বাহন ৷ জিলাখনৰ লংকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাৰ্কেটিঙত এই অভিযান চলাই বন বিভাগে ৷ উল্লেখ্য যে,দীৰ্ঘদিনে জিলাখনৰ বন বিভাগৰ চকুত ধূলি মাৰি একাংশ বাহনে চালান অবিহনে অবৈধভাৱে কঢ়িয়াই আনিছিল শিল, বালি আদি ৷ বন বিভাগে দেওবাৰে উক্ত বাহনসমূহৰ বিৰুদ্ধে চলাই এই অভিযান ৷

বন বিভাগৰ অভিযানত জব্দ অবৈধ বালি ভৰ্তি ডাম্পাৰ

উল্লেখ্য যে,বিগত কিছুদিনৰ পৰা একাংশ অসাধু ব্যৱসায়ীয়ে চৰকাৰী কৰ ফা‍ঁকিৰে ডবকাৰ পৰা লংকা-লামডিং অভিমুখে প্ৰয়োজনতকৈ অধিক শিল,বালি আদি ৰাষ্ট্ৰীয় ঘাইপথেৰে পৰিবহণ কৰি চলাই আহিছিল এক ৰমৰমীয়া ব্যৱসায় ৷ তদুপৰি একোখন বাহনে দিনটোত একেখন চালান বা টিপিৰে এবাৰতকৈ অধিক কঢ়িয়াইছিল শিল-বালি ৷ বৰ্তমানলৈকে চাৰিখন চালানবিহীন বালি ভৰ্তি ডাম্পাৰ জব্দ কৰিছে লংকা আঞ্চলিক বন বিভাগে ৷ জব্দ কৃত বাহন কেইখন পিছত লৈ অনা হৈছে লংকা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ । বন বিভাগৰ এই কাৰ্যক শলাগিছে জিলাখনৰ সচেতন মহলে ৷

লগতে চাওকঃ মৈৰাবাৰীত বৃহৎ পৰিমাণৰ নকল নোট উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.