বঢ়মপুৰ, 15 এপ্ৰিলঃ দেশৰ সৰ্বত্ৰে চলি থকা লক ডাউনৰ ফলত নিম্ন-মধ্যবিত্ত শ্ৰেণীৰ লোকসকল খাদ্য সমস্যাত জৰ্জৰিত হৈ থকাৰ সময়তে হোজাই জিলাৰ ভেলেউগুৰীৰ এজন লোকে নিজৰ মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰে ৷ পেচাত এজন গাড়ীচালক গোলাপ গগৈ নামৰ লোকজনে নিজ পত্নীৰ আদ্য শ্ৰাদ্ধৰ দিনাই শ্ৰাদ্ধ পালন নকৰি তাত খৰচ হ’ব লগা টকাৰে গৃহবন্দী হৈ থকা ৩২ টা দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰীৰ যোগান ধৰে ৷
উল্লেখ্য যে,পত্নীৰ স্মৃতিত আদ্য শ্ৰাদ্ধৰ দিনাই তেওঁ নিজেও দৰিদ্ৰ শ্ৰেণীৰ হৈও সমাজৰ দহজনৰ বাবে আগবঢ়োৱা এই সেৱাৰ বাবে গোলাপ গগৈ সমগ্ৰ হোজাই জিলাৰ বাবে আদৰ্শ হৈ পৰিছে ।