ডবকা, ১৩ অক্টোবৰ: ডবকাৰ আকাশীগংগাত ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুজন লোকৰ। এখন আল্ট্ৰা বাছ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। আল্ট্ৰা বাছখন নগাঁও অভিমুখে গৈ আছিল আৰু বাইকখন বিপৰীত দিশৰ পৰা আহি থাকোঁতেই আকাশীগংগাত দুৰ্ঘটনাত পতিত হয়। ভয়াৱহ দুৰ্ঘটনাত মৃ্ত্যু হয় মহিলাসহ দুগৰাকী বাইক আৰোহীৰ। নিহত লোকজন ডবকাৰ চিতলমাৰীৰ চুমন চন্দ্ৰ। আনহাতে, নিহত মহিলাগৰাকীৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা গছবোৰৰ বাবে সঘনাই অঞ্চলটোত দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।
লগতে পঢ়ক:চিৰিয়াখানাত গো-মাংস নিষিদ্ধকৰণক কেন্দ্ৰ কৰি প্ৰতিবাদ