ETV Bharat / state

পশ্চিম কাৰ্বি আংলঙৰ উমচামুখত অচিনাক্ত মৃতদেহ উদ্ধাৰ

author img

By

Published : Jul 5, 2020, 10:11 AM IST

পশ্চিম কাৰ্বি আংলঙৰ উমচামুখত মৃতদেহ উদ্ধাৰ । মৃতদেহটো বৰ্তমানেও অচিনাক্ত ৷ তদন্ত আৰু অনুসন্ধান অব্যাহত আৰক্ষীৰ ৷

চিনাক্ত হোৱা নাই মৃতদেহ
পশ্চিম কাৰ্বি আংলঙৰ উমচামুখত অচিনাক্ত মৃতদেহ উদ্ধাৰ

হোজাই, 5 জুলাই : পশ্চিম কাৰ্বি আংলঙৰ উমচামুখত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ উদ্ধাৰ হৈছে অচিনাক্ত পুৰুষৰ মৃতদেহ ৷ উমচামুখ গাঁৱৰ সমীপত অৱস্থিত এখন কৱৰস্থানৰ কাষৰ জংঘলৰ মাজৰ পৰা উদ্ধাৰ হৈছে এই মৃতদেহটো ৷

মৃতদেহৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট ৷ নিশা লোকজনক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজ আৰু আৰক্ষীৰ ৷ এতিয়াও চিনাক্ত কৰিব পৰা নাই মৃতদেহৰ পৰিচয় অথবা ঠিকনা ৷

মৃত লোকজনৰ পৰা কোনো পৰিচয় পত্ৰ লাভ কৰা নাই যদিও পেন্টৰ পকেটৰ পৰা 2500 টকা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ ঘটনাক লৈ ইতিমধ্যে তদন্ত আৰু অনুসন্ধান অব্যাহত ৰাখিছে বৈঠালাংছ' থানাৰ অধীনৰ উলুকুঞ্চি উপ আৰক্ষী চকীৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক : অসমৰ ৰাজভৱন চৌহদক কনটেইনমেন্ট জ'ন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.