ETV Bharat / state

কাকীত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

author img

By

Published : Aug 2, 2020, 2:20 PM IST

কাকীৰ 4 নং টঙনীয়াৰ এখন পথাৰৰ কাষতে উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ টঙীয়াৰ আব্দুল শুকুৰ নামৰ লোক গৰাকীৰ পুত্ৰ আলিম উদ্দিন নামৰ যুৱক জনৰ মৃতদেহ উদ্ধাৰক লৈ সম্প্ৰতি অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হোজাই, 2 আগষ্ট: হোজাই জিলাৰ কাকীৰ অন্তৰ্গত 4 নং টঙীয়াত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ অঞ্চলটোত থকা এখন পথাৰৰ কাষতে ৰখা মটৰৰ ওচৰত পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে যুৱক জনৰ মৃতদেহ ৷ মৃত যুৱকজন টঙীয়াৰ আব্দুল শুকুৰ নামৰ লোক গৰাকীৰ পুত্ৰ আলিম উদ্দিন (32) বুলি জানিব পৰা গৈছে ৷

কাকীত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, শনিবাৰে সন্ধিয়া যুৱকজন ঘৰৰ পৰা ওলাই গৈছিল এজন বন্ধুৰ সৈতে ৷ ঘৰৰ পৰা ওলাই যোৱাৰ পাচৰে পৰাই সন্ধানহীন হৈ আছিল যুৱক জন ৷ যুৱক জনৰ মৃতদেহৰ কিছু নিলগতে স্থানীয় ৰাইজে উদ্ধাৰ কৰে যুৱক জনৰ চাইকেল খন ৷ দেওবাৰে পুৱা প্ৰায় 9 বজাত যুৱক জনৰ মৃতদেহ প্ৰত্যক্ষ কৰি ঘটনা সন্দৰ্ভত কাকী আৰক্ষী নিৱেশৰ লোকক অৱগত কৰে স্থানীয় লোকে ৷ ইতিমধ্যে কাকী আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ বৰ্তমানেও জানিব পৰা যোৱা নাই যুৱক জনৰ মৃত্যুৰ কাৰণ ৷

লগতে পঢ়ক: পামবস্তিত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.