হোজাই, 10 ছেপ্টেম্বৰঃ মঙলবাৰে হোজাই জিলা লংকাৰ জুঠাংবস্তিত পুখুৰীত উপঙি থকা অৱস্থাত এগৰাকী 7 বছৰীয়া নাবালিকাৰ মৃতদেহ উদ্ধাৰ হয়৷ স্থানীয় লোকে নাবালিকা গৰাকীক কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰি পুখুৰীত পেলাই দিয়া সন্দেহ প্ৰকাশ কৰিছে৷
তথ্যানুসৰি, সোমবাৰে দুপৰীয়া কিশোৰী গৰাকী সন্ধানহীন হৈছিল৷ পৰিয়ালৰ লোকে কিশোৰী গৰাকীৰ বহু বিচাৰ খুচাৰ কৰাৰ পাচত গাঁৱৰে মানুহ এঘৰৰ পুখুৰীৰ পাৰত কিশোৰী গৰাকীৰ বস্ত্ৰ উদ্ধাৰ কৰে৷ পৰৱৰ্তী সময়ত সেই পুখুৰীটোতে কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়৷ ইপিনে স্থানীয় লোকৰ সন্দেহ অনুসৰি কোনো দুৰ্বৃত্তই কিশোৰী গৰাকীক ধৰ্ষণ কৰি পুখুৰীত পেলাই থৈ যায়৷ ঘটনাস্থলীত লংকাৰ উদালী আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো লংকাৰ উদালী আৰক্ষী চকীলৈ লৈ আহে আৰু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷