হোজাই,16 জুন: হোজাই জিলাৰ লংকাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা । লংকাৰ পিএইচচি ব্লকৰ অধীনত পুনৰ ৩৫ গৰাকী ব্যক্তিৰ শৰীৰত ধৰা পৰে এই ভাইৰাছবিধৰ উপস্থিতি ৷ আক্ৰান্ত ব্যক্তিকেইজন বহিঃৰাজ্যৰ পৰা অসমলৈ আহি আছিল কোৱাৰেণ্টাইনত ৷ ব্যক্তি কেইজনৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফলত ধৰা পৰে এই ভাইৰাছবিধৰ উপস্থিতি ৷ বৰ্তমান চিকিৎসকৰ তৎপৰতাত আটাইকেইজন লোককে হাজোৰ শিঙিমাৰী কোভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
লগতে চাওকঃ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ