ETV Bharat / state

পুষ্টিকৰ খাদ্যৰ নামত হোজাইত পোকে ধৰা চাউল-দাইল বিতৰণ - বিভিন্ন প্ৰশ্নৰ সৃষ্টি

হোজাইত সংহত শিশু উন্নয়ন আঁচনিৰ নামত বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ পোকে ধৰা চাউল-দাইল বিতৰণ কৰাৰ অভিযোগ অভিযোগকাৰীৰ ৷

Corruption of social walfare department in hojai
পুষ্টিকৰ খাদ্যৰ নামত হোজাইত পোকে ধৰা চাউল-দাইল বিতৰণ
author img

By

Published : Jun 1, 2020, 5:41 PM IST

হোজাই, 1 জুন : দেশত কৰ'ণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তে হোজাইত সংহত শিশু উন্নয়ন প্ৰকল্পত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ লংকা সংহত শিশু উন্নয়ন প্ৰকল্পৰ দ্ধাৰা শিশুসকলৰ মাজত পোকে ধৰা চাউল,মটৰ মাহ বিতৰণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

পুষ্টিকৰ খাদ্যৰ নামত হোজাইত পোকে ধৰা চাউল-দাইল বিতৰণ

উন্নয়ন প্ৰকল্পটোৰ জৰিয়তে শিশুসকলক পুষ্টিকৰ খাদ্য সামগ্ৰী বিতৰণ কৰিব লাগে যদিও বৰ্তমান পোকে ধৰা খাদ্য সামগ্ৰী বিতৰণ কৰাক লৈ সচেতন মহলৰ মাজত বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে ৷ প্ৰতি বছৰে বিভাগটোৰ নামত বৃহৎ পুজি ব্যয় কৰা হয় যদিও একাংশ দুৰ্নীতিগ্ৰস্ত লোকে ধন হৰলুকি কৰি পুষ্টিকৰ খাদ্যৰ নামত নিম্ন মানৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ অভিযোগ অভিযোগকাৰীৰ ৷

বিভাগটোৰ দায়িত্বত থকা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক অনতিপলমে এই দুৰ্নীতি সন্দৰ্ভত উচিত তদন্ত বিচাৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী উখাপন কৰিছে ৷

লগতে পঢ়ক : ছয়গাঁৱত এহেজাৰ টকীয়া দুৰ্নীতিঃ ৰঙাঘৰলৈ পঞ্চায়ত সভাপতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.