হোজাই, 28 আগষ্ট : হোজাই জিলা বামুন গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ নতুন বস্তিত চৰকাৰী অনুদানৰ ঘৰ দিয়াৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । বামুন গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ সদস্য মনোজ দিব্ৰাগেদেৰ বিৰুদ্ধে উত্থাপন হৈছে হিতাধিকাৰীৰ ধন আত্মসাৎ কৰাৰ অভিযোগ । স্থানীয় লোকৰ অভিযোগ কৰা অনুসৰি, মনোজ দিব্ৰাগেদেৰ বিভিন্ন অজুহাতত চৰকাৰী ঘৰ দিয়াৰ নামত দুখীয়া হিতাধিকাৰীৰ পৰা 500 টকাৰ পৰা 1,000 টকা পৰ্যন্ত সংগ্ৰহ কৰিছিল ।
ৱাৰ্ডৰ সদস্যগৰাকীয়ে আনফালে চৰকাৰী নীতি-নিয়মৰ নামত চৰকাৰী ঘৰ পাবলৈ আধাৰ কাৰ্ড নিতান্তই প্ৰয়োজনীয় বুলি হিতাধিকাৰীৰ পৰা কাৰ্ড বনোৱাৰ নামত 50 টকাকৈ সংগ্ৰহ কৰিছিল । নতুন বস্তি গাঁওখনৰ প্ৰায় সংখ্যক দৰিদ্ৰ লোকৰ পৰা ৱাৰ্ডৰ সদস্যজনে চৰকাৰী ঘৰ দিয়াৰ নামত সংগ্ৰহ কৰিছিল এই ধন । পৰবৰ্তী সময়ত ৱাৰ্ডটোৰ এজন হিতাধিকাৰীয়েও চৰকাৰী অনুদানৰ ঘৰ নোপোৱাত সংবাদ মাধ্যমৰ আগত প্ৰতিবাদৰ মাজেৰে ক্ষোভ প্ৰকাশ কৰে । দুখীয়া দৰিদ্ৰ লোকৰ পৰা প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা বামুন গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ সদস্যজনৰ বিৰুদ্ধে বিভাগীয় উৰ্ধতম বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া পৰবৰ্তী সময়তহে পৰিলক্ষিত হ’ব ।
লগতে পঢ়ক : লোকসভাত কংগ্ৰেছৰ উপ দলপতিৰ পদত অধিস্থিত হ‘ল সাংসদ গৌৰৱ গগৈ