হোজাই,10 এপ্ৰিল: কৰ’ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত ড৹ সদনেক সিঙৰ সভাপতিত্বত কৰ’ণা ভাইৰাছ প্ৰতিৰোধ টাস্ক ফ’র্চৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় । সভাত অসম ৰাজ্যিক স্বাস্থ্য কর্তৃপক্ষই দিয়া নিৰ্দেশনা মৰ্মে হোজাই জিলা প্ৰশাসনে কৰ’ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে পৰীক্ষণ, সন্ধান আৰু চিকিৎসা- এই পদ্ধতিৰে ক’ভিড-১৯ ৰ নমুনা পৰীক্ষণ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হয় ৷

সেই মৰ্মে ১০ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ লংকা খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰ, যোগীজান খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আৰু কঠিয়াতলী খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অধীনত থকা অঞ্চলসমূহত যেনে লংকা, লামডিং, ফুলতলি, কাকী, ডেৰাপথাৰ, কপাহবাৰী, জোৰাপুখুৰী, যোগীজান, হোজাই, নীলবাগান, দীঘলঝাৰ, ডবকা আৰু যমুনামুখত বিশেষ আৰএটি আৰু আৰটিপিচিআৰ (RTPCR) পৰীক্ষণৰ অভিযান আৰম্ভ কৰা হ’ব ।
উল্লেখ্য যে, এই অভিযানৰ জৰিয়তে ৮,৪০০ গৰাকী ব্যক্তিৰ স্বাস্থ্য পৰীক্ষণৰ লক্ষ্য স্থিৰ কৰা হৈছে । সভাত উপায়ুক্তই এই পৰীক্ষণ অভিযানত ৰাইজক স্বত:স্ফূর্তভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে স্বাস্থ্যকর্মীসকলক কৰ্তব্য নিষ্ঠাৰে পালন কৰিবলৈ নিৰ্দেশ দিয়ে ।
লগতে পঢ়ক : বিহু উদযাপনৰ ক্ষেত্রত ক’ভিড-19 ৰ নীতি-নিৰ্দেশনা জাৰি