হোজাই,২ছেপ্টেম্বৰ: ভাৰতীয় সংবিধানৰ গুৰুত্ব সন্দৰ্ভত সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যেৰে হোজাইত জিলা আইনসেৱা প্ৰাধিকৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মঙলবাৰে ডবকাত সাংবাদিকসকলক সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰালে জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙে।

উল্লেখ্য যে, ২৬ নৱেম্বৰত পালন কৰা হ'ব ভাৰতীয় সংবিধান দিৱস৷ সংবিধান দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু ৰাইজৰ মাজত সংবিধানৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিশেষ কাৰ্যসূচী হাতত লৈছে জিলা আইনসেৱা প্ৰাধিকৰণে।

অনলাইনযোগে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিব। মঙলবাৰে হোজাই জিলাৰ ডবকা আৰু নীলবাগানৰ কেইবাগৰকীও সাংবাদিকক ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰায় জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা তথা দণ্ডাধীশ প্ৰনিতা মৰাঙে। প্ৰস্তাৱনা পাঠ অনুষ্ঠানত উপস্থিত থাকে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ৷