ETV Bharat / state

হোজাই সমষ্টিত কোনে দিব প্ৰাৰ্থী!

author img

By

Published : Feb 12, 2021, 11:34 AM IST

কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতা চূড়ান্ত হ’ল ৷ কিন্তু হোজাই সমষ্টিত কোনটো দলে দিব প্ৰাৰ্থী । বদৰুদ্দিন আজমলে গৃহ সমষ্টি এৰিবনে কংগ্ৰেছলৈ ।

হোজাই সমষ্টিত কংগ্ৰেছ নে এআইইউডিএফে প্ৰাৰ্থী দিব তাক লৈ ব্যাপক চৰ্চা

হোজাই,12 ফেব্ৰুৱাৰীঃ আগন্তক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ-এআইইউডি এফৰ মিত্ৰতা চূড়ান্ত হলেও আসনক লৈ চলি আছে নিমিলা অংক । ইয়াৰ মাজতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে হোজাই আৰু লামডিং সমষ্টি ।

বদৰুদ্দিন আজমলৰ গৃহ জিলাৰ সমষ্টি দুটাত কোনটো দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব তাক লৈ ব্যাপক চৰ্চা লাভ কৰিছে ৷ ৰাইজৰ মাজত সমষ্টি দুটাৰ বিষয়ে চৰ্চা চলি থকাৰ সময়তে কংগ্ৰেছ জিলা কাৰ্যকৰী সভাপতি বিশ্বজিত ঘোষে সমষ্টি দুটা কংগ্ৰেছলৈ এৰি দিয়াৰ বাবে আজমলক আহ্বান জনাইছে ।

উল্লেখযোগ্য যে, নৱ নিৰ্বাচিত কাৰ্যকৰী সভাপতি বিশ্বজিত ঘোষে হোজাই জিলা কংগ্ৰেছৰ মাজত চলি থকা অন্তৰ্কন্দলবোৰ শেষ কৰি সকলো কাৰ্যকৰ্তাক লগত লৈ প্ৰচাৰ চলোৱাই তেওঁৰ মূল লক্ষ্য বুলিও কৰিছে মন্তব্য । ইপিনে এইমূৰ্হুতলৈকে হোজাই সমষ্টিৰ বাবে প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দেৰ পুত্ৰ অনিৰুদ্ধ দে, দেৱব্রত সাহা সহ বহু কেইজনে নেতাই টিকট বিচাৰি আবেদন কৰা বুলি উল্লেখ কৰিছে বিশ্বজিত ঘোষে ।

কিন্তু লক্ষণীয় কথা যে, অৰ্ধেন্দু দেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি মনত আশা পুহি ৰাখিছে যদিও এতিয়ালৈকে আবেদন কৰা নাই বুলি জানিব পৰা গৈছো ।

লগতে পঢ়কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক আদৰণি জনালে প্ৰমোদ বড়োই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.