হোজাই,8 জানুৱাৰী: দলীয় কৰ্মীৰ সংঘাতে যেন লগ নেৰা হ'ল কংগ্ৰেছ দলক ৷ শুকুৰবাৰে যমুনামুখ সমষ্টিৰ মোৰাঝাৰত কংগ্ৰেছৰ সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত অনুষ্ঠিত হোৱা এখন সভাত কংগ্ৰেছৰ দুই ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷
জানিব পৰা অনুসৰি দীৰ্ঘ দিনৰ পৰা যমুনামুখ কংগ্ৰেছৰ দুই-ফৈদৰ মাজত চলি আছিল শীতল যুদ্ধ ৷ শুকুৰবাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত সংঘাতে ল'লে চূড়ান্ত ৰূপ ৷ প্ৰাপ্ত খবৰ অনুসৰি ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল হান্নানৰ নাম উচ্চাৰণ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই পৰিস্থিতিৰ ৷
![conflict-among-congress-workers-at-hojai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10168455_3x2_img.jpg)
সংঘাতৰ পাছত সভা এৰি গুচি আহে সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ উল্লেখ্য যে,শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক জীতেন্দ্ৰ সিং দ্বিতীয়বাৰৰ বাবে অসম ভ্ৰমণলৈ আহে অহাৰ দিনটোতে সংঘটিত হয় এই ঘটনা ৷ আনহাতে নেতা গৰাকীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ অহাৰ সময়তো নগাঁৱত কংগ্ৰেছ কৰ্মীৰ মাজত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা ৷
লগতে পঢ়কঃ 21’ত অসমত কংগ্ৰেছে গঠন কৰিব চৰকাৰ : জীতেন্দ্ৰ সিং