হোজাই, 15 মে’: ক’ভিডত আক্ৰান্ত হৈ থকা সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান মৃনাল দাসৰ শনিবাৰে ৰাতিপুৱা দেহাৱসান ঘটে ৷ তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে হোজাই জিলা কৰ্মচাৰী পৰিষদে ৷
ইয়াৰ লগতে, প্ৰয়াত মৃনাল দাসৰ আত্মাৰ চিৰশান্তি কামনা কৰে হোজাই জিলা কৰ্মচাৰী পৰিষদে ৷ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ফাইজ মহাম্মদ বৰভুঞাই এক শোক বার্তাৰ যোগে প্ৰয়াত সম্পাদক প্ৰধান গৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে ।
লগতে পঢ়ক : দিহিং পাটকাইৰ কথাৰে...