ETV Bharat / state

হোজাই জিলা সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ বাৰ্ষিক অধিৱেশনৰ সামৰণি

সামৰণি পৰিল শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে হোজাই জিলাৰ লংকাত আয়োজিত হোৱা হোজাই জিলা সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ বাৰ্ষিক অধিৱেশন (Conclude Hojai District Sahitya Sabha) ৷ এই অধিৱেশৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে সাহিত্য সভাৰ গুৱাহাটী সচিব মনজিৎ সিং ৷

Hojai District Sahitya Sabha
সামৰণি পৰিল হোজাই জিলা সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ বাৰ্ষিক অধিৱেশন
author img

By

Published : Sep 11, 2022, 9:34 PM IST

হোজাই, 11 ছেপ্টেম্বৰ : শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় হোজাই জিলা সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ অধিৱেশন (Conclude Hojai District Sahitya Sabha) ৷ লংকাৰ লংকেশ্বৰী নাট্য মন্দিৰত লংকা আঞ্চলিক সাহিত্য সভাৰ উদ্যোগত আয়োজিত হয় এই অধিৱেশন ৷ এই অধিৱেশনৰ দ্বিতীয় দিনাৰ পুৱাৰ ভাগত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাও বাহিৰ কৰা হয় ৷

তাৰ পাচতে পৰৱৰ্তী সময়ত কাৰ্যসূচী অনুসৰি বঁটা বিতৰণী আৰু মুকলি সভাৰ আয়োজন কৰা হয় (Hojai District Sahitya Sabha) ৷ উক্ত মুকলি সভা অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী সাহিত্য সভাৰ সচিৱ মনজিৎ সিং ৷ এই মুকলি সভাতেই পূৰ্বৰ হোজাই জিলা সাহিত্য সভাৰ সভাপতি গুণেশ্বৰ শইকীয়াই জিলা সভাপতিৰ দায়িত্ব অৰ্পন কৰে ইন্দজিৎ বেজবৰুৱাক ৷

লগতে হোজাই জিলা সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব লাভ কৰে বিৰাজ কুমাৰ বৰাই ৷

ইন্দজিৎ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত মুকলি সভাত বহু কেইখন গ্ৰন্থ উন্মোচন কৰাৰ উপৰিও সমাজলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট সমাজকৰ্মী, সাহিত্যিক তথা বিশিষ্ট কেইবাজনো ব্যক্তিক বঁটা প্ৰদান কৰা হয় ৷ ইয়াৰে ভিতৰত উপেন্দ্ৰ বৰকটকীক হোজাই জিলাৰ সৰ্বোত্তম বঁটা দুলাল চন্দ্ৰ সোঁৱৰণী প্ৰজ্ঞাৰত্ন বঁটা আগবঢ়োৱা হয় ৷

সামৰণি পৰিল হোজাই জিলা সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ বাৰ্ষিক অধিৱেশন

লগতে পঢ়ক : আকৌ এঘৰীয়া: গাহৰি পোহাৰ বাবাই জুয়ে-পানীয়ে নিষেধ এটা পৰিয়ালক

লগতে পণ্ডিত জীৱন ৰাম বৰ্মন সাধনা বঁটা কমলেশ্বৰ কলিতাক, জীৱনজোৰা সাধনা বঁটা অসমৰ বিশিষ্ট উপন্যাসিক, সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক তথা হোজাই জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক ডাঃ সাৰাদন্দ দেৱগোস্বামীক প্ৰদান কৰা হয় ৷ ইয়াৰ উপৰিও শিল্পীসাধনা বঁটা জিলাখনৰ সত্ৰীয়া, সংগীত, নৃত্য বিশাৰদ শ্ৰীমিত্ৰদেৱ মহন্তক প্ৰদান কৰা হয় ৷

আনহাতে, শনিবাৰে অনুষ্ঠিত হোৱা আইনাম আৰু বিয়ানাম প্ৰতিযোগীতাৰ বঁটা সমূহ এই মুকলি সভাতেই প্ৰদান কৰা হয় ৷

উল্লেখ্য যে, হোজাই জিলা সাহিত্য সভাই দুই বছৰৰ অন্তে অন্তে সমাজৰ বিশিষ্ট ব্যক্তিসকলক এনেদৰে বঁটা প্ৰদান কৰি আহিছে ৷ উক্ত অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰিবলৈ অসম সাহিত্য সভাৰ সভাপতি তথা প্ৰধান সম্পাদক অহা কথা আছিল যদিও কলিকাতা বিশ্ববিদ্যালয়ত এক বিশেষ অনুষ্ঠান থকা হেতুকে দুয়ো উপস্থিত থাকিব নোৱাৰিলে ৷

এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে অনুপ বৰঠাকুৰে ৷ দেওবাৰে আয়োজিত উক্ত মুকলি সভাত উপস্থিত থাকে গুৱাহাটী সাহিত্য সভাৰ সচিব মনজিৎ সিং, অসম সাহিত্য সভাৰ যুৱ সংসদৰ আহ্বায়ক সিদ্ধাৰ্থ বেজবৰুৱাসহ কেইবাজনো কেন্দ্ৰীয় সদস্য আৰু জিলা তথা আঞ্চলিকৰ সদস্যসকল ৷

লগতে পঢ়ক : আমনিত সংস্কাৰ ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.