হোজাই, 12 জুলাই : কথামতেই কাম ৷ আকৌ এবাৰ ৰাজ্যৰ দক্ষ মুখ্যমন্ত্ৰী শীৰ্ষক উপাধিটোক সঁচা বুলি প্ৰমাণ কৰি দেখুৱালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma visited Hojai) ৷ প্ৰিয়াক হেণ্ডশ্বেক কৰি মুখ্যমন্ত্ৰীয়ে সুধিছিল খবৰ ৷ প্ৰিয়াৰ সপোনক বাস্তৱত পূৰ্ণতা দিয়াৰ কথা দিছিল "মামা" তথা মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মামাক কাষত পাই আবেগিক হৈ পৰিছিল প্ৰিয়া ৷
যোৱা সোমবাৰে বানাক্ৰান্তক খবৰ লোৱাৰ বাবে হোজাই জিলাত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰযোগে হোজাইৰ ৰাজবাৰীত অৱতৰণ কৰি পোনে পোনে উপস্থিত হৈছিল হোজাইৰ দক্ষিণ কেন্দুগুৰিত ৷ তেওঁ কেন্দুগুৰিৰ কপিলীৰ খহনীয়া আৰু ছিগা মথাউৰি পৰিদৰ্শন কৰি নভঙা অঞ্চলৰ হাইলেণ্ড পৰিদৰ্শন কৰে । হাইলেণ্ড পৰিদৰ্শন কৰা সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰিয়া দাস নামৰ বিশেষভাৱে সক্ষম দৰিদ্ৰ যুৱতীগৰাকীক লগ পাইছিল ৷ মুখ্যমন্ত্ৰীগৰাকীক কাষত পাই নিজৰ দুখ দুৰ্দশাৰ কথা ব্যক্ত কৰে প্ৰিয়াই ৷ মুখ্যমন্ত্ৰীয়ে প্ৰিয়াক অচিৰেই সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷
উক্ত কথা ৰাখি হোজাই জিলা প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে সক্ষম প্ৰিয়া দাস নামৰ যুৱতী গৰাকীক মঙলবাৰে ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে (CM Himanta Biswa Sharma gives cheque to Priya)৷ ইয়াৰ লগতে তেজেন্দ্ৰ দাসক 10 হাজাৰ টকাৰ চেক প্ৰদান কৰে জিলা উপায়ুক্ত আৰু বিধায়ক ৰামকৃষ্ণ ঘোষে ৷
বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু উপায়ুক্ত অনুপম চৌধুৰীয়ে নিজে গৈ যুৱতীগৰাকীক চেক প্ৰদান কৰি আগন্তুক দিনত সহায়ৰ আশ্বাস দিয়ে ৷ চেক গ্ৰহণ কৰি আনন্দত আত্মহাৰা হৈ পৰে যুৱতীগৰাকী আৰু পৰিয়ালৰ লোক ৷
আবেগিক হৈ প্ৰিয়াই সংবাদমাধ্যমক কয় যে - মামাই মোৰ ঘৰলৈ আহি ঘৰটো চাই যাওক ৷ মামাই যি খাওঁ বুলি ক'ব তাকেই বনাই খুৱাম মই ৷ মামা তুমি ভগৱান ৷ মামাক মই কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷
এই ধনেৰে প্ৰথমে পৰিয়ালটো থাকিবৰ বাবে এটা ঘৰ বনাব বুলি আগ্ৰহেৰে কয় প্ৰিয়াই ৷ এই সহায় কেতিয়াও নাপাহৰো বুলি সংবাদমাধ্যমৰ আগত উচুপি উঠে প্ৰিয়াই ৷ জন্মৰ পৰা আজিলৈ এয়া প্ৰথমটো সহায় পাইছো বুলি কৈ অশ্ৰুসিক্ত নয়নেৰে প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে প্ৰিয়াৰ পৰিয়ালে ৷
লগতে পঢ়ক : CM Himanta Biswa Sarma at Hojai: হোজাইৰ বানাক্ৰান্তলৈ 3,800 টকাকৈ এককালীন সাহাৰ্য