ETV Bharat / state

এবছৰৰ ভিতৰত কাৰ্যকৰী হ’ব অসম চুক্তিৰ 6 নং দফা: শিলাদিত্য দেৱ

author img

By

Published : Sep 24, 2020, 1:35 PM IST

Updated : Sep 24, 2020, 3:05 PM IST

অসম চুক্তিৰ 6 নং দফা এবছৰৰ ভিতৰত কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱৰ । এই ক্ষেত্ৰত বিশেষভাৱে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ সচেতন বুলি মন্তব্য শিলাদিত্য দেৱৰ ৷

অসম চুক্তিৰ 6 নং দফা সম্পৰ্কত শিলাদিত্য দেৱৰ মন্তব্য
হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ

হোজাই, 24 ছেপ্তেম্বৰ : অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভত হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে আগবঢ়াইছে মন্তব্য ৷ তেওঁ কয় যে, বিজেপিয়ে কোনো লুকা-ভাকুৰ ৰাজনীতি নকৰে ৷ 1985 চনৰ অসম আন্দোলনৰ পাচতে অসম চুক্তি হ'ল আৰু কংগ্ৰেছ আৰু অসম গণ পৰিষদৰ চৰকাৰ কেইবাবাৰো গঠন হ'ল যদিও কোনো কাম নকৰিলে । সেয়েহে বিজেপি চৰকাৰকো সকলো কাম সমাধা কৰিবলৈ আৰু পাঁচ বছৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাই শিলাদিত্য দেৱে ৷

অসম চুক্তিৰ 6 নং দফা সম্পৰ্কত শিলাদিত্য দেৱৰ মন্তব্য

তেওঁ লগতে কয় যে, বিজেপিয়ে কেনেদৰে অসম আৰু অসমৰ খিলঞ্জীয়া জনগোষ্ঠী, সত্ৰ-নামঘৰৰ মাটি সুৰক্ষিত কৰিছে সেয়া সকলোৱে দেখা পাব । অসম চুক্তিৰ 6 নং দফাক লৈ বিজেপিৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া অধিক সচেতন বুলিও মন্তব্য কৰে হোজাই সমষ্টিৰ বিধায়কগৰাকীয়ে ।

তেওঁ কয় যে, বিষয়টোৰ ওপৰত অধ্যয়ন চলি আছে আৰু অতি সোনকালে কেন্দ্ৰীয় চৰকাৰক অসম চুক্তিৰ ওপৰত প্ৰতিবেদন দাখিল কৰিব ৰাজ্য চৰকাৰে । বাংলাদেশী মুছলমানক খেদিব লাগে বুলি অসমৰ ভিতৰতে বিভেদ সৃষ্টি কৰিলে অসমৰে ক্ষতিসাধনক হ'ব বুলি কয় বিধায়কগৰাকীয়ে । অসমৰ ভূমিপুত্ৰ থলুৱা লোকসকলক সুৰক্ষিত কৰিবৰ বাবে কাম চলি থকাৰ কথা উল্লেখ কৰে তেওঁ ৷ যিটো কাম বিগত 35 বছৰত কৰিব পৰা নাই, সেইটো কাম বিজেপি চৰকাৰে 2021-22 চনতে কৰি দেখাব বুলি মন্তব্য কৰে শিলাদিত্য দেৱে ৷

লগতে পঢ়ক : মাজুলীত আছুৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও

Last Updated : Sep 24, 2020, 3:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.