হোজাই , 3 আগষ্ট : নেতৃত্বকেন্দ্ৰিক সংঘাতে বিভক্ত কৰা আমছুক(AAMSU)লৈ পুনৰ সৃষ্টি হৈছে বিতৰ্কৰ ৷ এফালে ৰেজাউল কৰিম নেতৃত্বাধীন আমছু(Rezaul Karim lead AAMSU) আনফালে, ইকবাল হুছেইন নেতৃত্বাধীন আমছু(Iqbal hussain lead AAMSU) ৷ একেটা নামৰ, একেটা সংগঠনৰ দুটা ভাগত বিভক্ত দুই গোটৰ মাজৰ সংঘাত সময়ে সময়ে পোহৰলৈ আহে ৷ সোমবাৰে, ইকবাল হুছেইন নেতৃত্বাধীন আমছুৰ হোজাই জিলা কমিটী গঠনৰ সময়ত আমছুৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে পুনৰ লক্ষ্য কৰি ল’লে ৰেজাউল কৰিম নেতৃত্বাধীন আমছুক ৷
সোমবাৰে ৰেজাউল কৰিম নেতৃত্বাধীন আমছুৰ বহুকেইজন সদস্যই ইকবাল হুছেইনৰ নেতৃত্বাধীন আমছুত যোগদান কৰে ৷ এই সময়তে সংবাদ মাধ্যমৰ আগত মুখ খুলি ইকবাল হুছেইনে অভিযোগ উত্থাপন কৰে যে, সংগঠনটোৰ আনটো গোট কেৱলমাত্ৰ অপৰাধীৰে ভৰি আছে ৷ গৰুৰ চিণ্ডিকেট, ধৰ্ষণ, হত্যাৰ ষড়যন্ত্ৰ আদি গোচৰত জড়িত থকা বহুলোকেৰেহে এতিয়া আমছুৰ আনটো শিৱিৰ চলি থকাৰ অভিযোগ কৰে হুছেইনে ৷
ৰেজাউল কৰিম শিৱিৰে আমছুৰ নামটো ব্যৱহাৰ কৰি থকা বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ইকবাল হুছেইনে ৷ এই সম্পৰ্কত আইনী প্ৰক্ৰিয়া চলি থকা বুলিও মন্তব্য কৰি আমছুৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে কয় যে, আৰু মাত্ৰ এমাহৰ পিছত আমছু বুলি আন কোনো সংগঠন অথবা শিৱিৰ নাথাকিব ৷
উল্লেখযোগ্য যে, সোমবাৰে হোজাই জিলাত ইকবাল হুছেইন শিৱিৰৰ আমছুৰ জিলা কমিটীখন গঠন হয় ৷ মুঠ 51 জনীয়া সদস্যৰে গঠিত হোৱা কমিটীখনত যোগদান কৰে ৰেজাউল কৰিম শিৱিৰৰো বহুকেইজন নেতা কৰ্মীয়ে ৷ মুঠৰ ওপৰত নেতৃত্বকেন্দ্ৰিক সংঘাতে বিভক্ত কৰা সংখ্যালঘু সংগঠন(Minority organisation)টোৰ দুই শিৱিৰৰ মাজৰ এই সংঘাত এতিয়া মুকলিকৈ পৰিস্ফুট হৈ পৰিছে ৷ অৱশ্যে, এই সংঘাতৰ ফলত সংগঠনটো আৰু সংগঠনটোৱে চলাই অহা সংগ্ৰামৰ ভৱিষ্যৎ কি হয় সেই কথা অনাগত সময়ত লক্ষ্যণীয় হ’ব ৷
লগতে পঢ়ক : আছুৰ প্ৰতিনিধি দলে বুজ ল'লে অসম-মিজোৰাম সীমান্ত পৰিস্থিতিৰ