হোজাই,১৬ জানুৱাৰী: হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোচৰ হোজাই আৰক্ষী অধীক্ষৰ কাৰ্যালয়ত । সদৌ অসম খিলঞ্জীয়া ছাত্র সন্থাৰ হোজাই জিলা সমিতিয়ে দাখিল কৰে গোচৰ । শান্তিৰ অসমখনক অশান্তিৰ সৃষ্টি কৰা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায় সংগঠনটোৱে ।
ইফালে সত্যৰঞ্জন বৰাইও তেওঁক আক্ৰমণ কৰা সন্দৰ্ভত দাখিল কৰা অভিযোগৰ ভিত্তিত লংকা আৰক্ষীয়ে দুজনক আটক কৰে । আটকাধীন লোক দুজন লংকাৰ লস্কৰ পথাৰৰ মহম্মদ হাফিজ আহমেদ আৰু মহম্মদ এমৰুল হুছেইন ।
উল্লেখ্য যে, শুকুৰবাৰে লস্কৰ পথাৰত আক্ৰমণৰ সন্মুখীন হৈছিল সত্যৰঞ্জন বৰা ৷ শুকুৰবৰীয়া নামাজৰ পৰা ওলাই অহা একাংশ লোকে এখন সভাত অংশ ল’বলৈ গৈ থকা অৱস্থাত হিন্দুত্ববাদী নেতাগৰাকীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল সত্যৰঞ্জন বৰাই ৷ আনহাতে হোজাই জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সত্যৰঞ্জন বৰাক ধৰ্মীয় বিষবাষ্প নিবিয়পাবলৈ এক প্ৰকাৰৰ ধমক দিয়া বুলিও অভিযোগ তুলিছে নেতাগৰাকীয়ে ৷
লগতে পঢ়ক: গোলাঘাটত 200 গৰাকী ক'ভিড যোদ্ধাক প্ৰতিষেধক প্ৰদান