হোজাই, 25 মে’ : অমানৱীয় ! মাটি-ভেঁটি তথা পৈতৃক সম্পত্তি থাকিও আজি অৱহেলিত হৈ পৰি ৰৈছে এগৰাকী মহিলা ৷ মাটি, সম্পত্তিৰ লোভত নিজৰ ককায়েক-বৌয়েকে ভনীয়েকক ৰাখিছে চুৱাপাতনিত ৷
ঘটনাৰ স্থান হোজাইৰ ডবকা (Shameful incident in Hojai) ৷ স্থানীয় ৰাইজ তথা এগৰাকী ভগ্নীৰ তৎপৰতাত জংঘলৰ মাজৰ পৰা উদ্ধাৰ হৈছে এগৰাকী মহিলা ৷ মহিলাগৰাকীক হাবিৰ মাজত তিল তিল কৈ মৰিবলৈ পেলাই থৈছে সহোদৰ ভাতৃয়ে । জানি আচৰিত হ’ব, ভুক্তভোগী মহিলাগৰাকীৰ ভাতৃ পেছাগতভাৱে চৰকাৰী বিদ্যালয়ৰ এজন শিক্ষক ৷শিক্ষকজনৰ নাম ইব্ৰাহিম আলী বৰভূঞা ওৰফে ইব্ৰাহিম মাষ্টাৰ ৷
ইব্ৰাহিম মাষ্টাৰ ভেদৌআটি বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বুলি জানিব পৰা গৈছে ৷ আনক জ্ঞান দান কৰা এগৰাকী শিক্ষকৰ এনে নিৰ্লজ্জ কাণ্ড পোহৰলৈ অহাত এতিয়া ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ অভিযোগ অনুসৰি, সম্পত্তিৰ লোভৰ বাবেই ইব্ৰাহিমে তেওঁৰ পত্নীৰ সৈতে মিলি দীৰ্ঘদিনৰ পৰা নিজ ভগ্নীক পোহনীয়া জন্তুৰ দৰে ব্যৱহাৰ কৰি আহিছে ৷
ইফালে নিশা হ’লে ম’হ, মাখি, বিছা, নাইবা পোক-পতংগৰ কামোৰত বিকট চিঞৰ মাৰে ভুক্তভোগী মহিলাগৰাকীয়ে ৷ দৈনিক সংঘটিত হৈ থকা এনে কাৰ্যৰ ফলত ক্ষুব্ধ হৈ ভুক্তভোগী মহিলাগৰাকীৰ এগৰাকী আত্মীয়ই কাষ চাপে আৰক্ষীৰ ৷ আৰক্ষী তথা এগৰাকী অধিবক্তাৰ তৎপৰতাত মঙলবাৰে ভুক্তভোগী মহিলাগৰাকীক নৰক সদৃশ যান্ত্ৰণাৰ পৰা মুক্ত কৰা হয় ৷
আনহাতে, পাষান শিক্ষক ইব্ৰাহিম আলীক আৰক্ষীয়ে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : বন্ধুৰ ফোন পাই ওলাই যোৱা চেণ্টুৰ ক্ষত-বিক্ষত মৃতদেহ পৰি ৰ’ল কলঙৰ বাকৰিত