হোজাই,12 মে' : এগৰাকী দৃষ্টিহীন আইতা ৷ হোজাই জিলাৰ লংকাত ৪০ বছৰে ষ্টেচনৰ কাষৰ জুপুৰীত বাস কৰা আইতা গৰাকী এতিয়া লক্ ডাউনৰ বাবে ভীষণ সমস্যাত পৰিছে ৷ লক্ ডাউনৰ বাবে ভীষণ খাদ্য সংকটত পৰিছে আইতাগৰাকী ৷
হোজাই জিলাৰ লংকাত বিগত ৪০ বছৰে ষ্টেচনৰ কাষৰ জুপুৰীত বাস কৰি আহিছে আইতাগৰাকীয়ে ৷ সাত আঠ বছৰৰ পূৰ্বে স্বামীৰ মৃত্যুৰ পিছত অকলশৰীয়া হৈ পৰে আইতাগৰাকী ৷ তাৰ পিছত আইতাৰ জুপুৰীৰ কাষত থকা ব্যৱসায়ীসকলে আইতাক সহায় কৰি আহিছে ৷ দুসাজৰ এসাজ খাই হ'লেও জীৱন সংগ্ৰাম খন চলাই গৈছিল আইতাই ।
কিন্তু এতিয়া লক্ ডাউনৰ বাবে খাদ্য সংকটত আইতা ৷ কাৰণ দীৰ্ঘদিন ধৰি বন্ধ আইতাৰ জুপুৰিৰ কাষৰ দোকান-পোহাৰ সমূহ ৷ তাৰ মাজতো কোনোবা হৃদয়ৱান লোকে যি দুই এসাজ দিছে আইতাগৰাকীয়ে তাকে খাই পেট প্ৰৱৰ্তাই আছে , হ'লেও কাৰো প্ৰতি আক্ষেপ নাই তেওঁৰ ৷
দুখৰ মাজতো মুখত এমোকোৰা হাঁহি লৈ জীয়াই থকা আইতা গৰাকীক এতিয়া চৰকাৰ অথবা প্ৰশাসনৰ পৰা অকণমান সহায়ৰ প্ৰয়োজন হৈছে ?
লগতে পঢ়কঃ'ডাষ্টবিনত জাৱৰ-জোঁথৰ ভৰ্তি হ'লে বেল বাজি উঠিব পৌৰ সভাৰ কাৰ্যালয়ত '