ETV Bharat / state

Rangali Bihu 2022 : লংকাত মহিলাৰ দ্বাৰা হুঁচৰি পৰিৱেশন - ৰাজ্যত ৰঙালী বিহু উদযাপন

আৰম্ভ হৈছে ৰঙালী(Rangali Bihu 2022)ৰ উছাহ ৷ হোজাইৰ লংকা অঞ্চলৰ মহিলাসকলে দৈনন্দিন কৰ্তব্য সম্পাদন কৰাৰ পিছত সন্ধিয়া সময়ত হুঁচৰি পৰিৱেশন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মহিলাৰ দলটোৱে হুঁচৰিৰ জৰিয়তে উপাৰ্জন কৰা ধন মন্দিৰ অথবা নামঘৰত দান কৰিব বুলিও সদৰি কৰে ৷

bihu-husori-performed-in-hojai-by-local-womens
মহিলাৰ দ্বাৰা হুঁচৰি পৰিৱেশন
author img

By

Published : Apr 16, 2022, 10:21 AM IST

হোজাই, 16 এপ্ৰিল : কেলেণ্ডাৰৰ পাতৰ পৰা সৰি পৰিল এটা বছৰ ৷ পুনৰ এটি অসমীয়া নতুন বছৰক আদৰিলে অসমবাসীয়ে ৷ নতুন বছৰৰ সমান্তৰালকৈ ৰঙালীৰ ৰঙ(Rangali Bihu 2022) ত মতলীয়া হ’ল ৰাজ্যবাসী ৷ চহৰীয়া ব্যস্ততাৰ মাজতো হোজাইৰ মহিলাসকলে একগোট হৈ পৰিৱেশন কৰিলে বিহু হুঁচৰি(Local womens performed Bihu husori in Hojai) ৷ এটি মহৎ উদ্দেশ্য আগত ৰাখি মহিলাসকলে ঘৰে ঘৰে গৈ হুঁচৰি পৰিৱেশন কৰে ৷

বিগত দুবছৰে ৰাজ্যবাসীয়ে কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত উদযাপন কৰিব পৰা নাছিল কোনো ধৰণৰ অনুষ্ঠান অথবা পালন কৰিব পৰা নাছিল অসমীয়াৰ তেজৰ সৈতে একাত্ম হৈ থকা বিহু ৷ কিন্তু প্ৰায় দুবছৰৰ অন্তত ৰাজ্যবাসীয়ে এইবেলি উদযাপন কৰিবলৈ সক্ষম হৈছে ৰঙালী বিহুকে ধৰি অন্যান্য ৰাজহুৱা অনুষ্ঠানসমূহ ৷

মহিলাৰ দ্বাৰা হুঁচৰি পৰিৱেশন

হোজাইৰ লংকা অঞ্চলৰ মহিলাসকলে দৈনন্দিন কৰ্তব্য সম্পাদন কৰাৰ পিছত সন্ধিয়া সময়ত হুঁচৰি পৰিৱেশন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মহিলাৰ দলটোৱে হুঁচৰিৰ জৰিয়তে উপাৰ্জন কৰা ধন মন্দিৰ অথবা নামঘৰত দান কৰিব বুলিও সদৰি কৰে ৷ মুঠ উপাৰ্জনৰ এটা অংশ নামঘৰত দিয়াৰ পিছত ৰাহি হোৱা বাকী ধনেৰে ভোজ-ভাত খাই পৰম্পৰা ৰক্ষা কৰিব বুলিও একাংশ মহিলাই প্ৰকাশ কৰে ৷

লগতে চাওক: ঢোল-পেঁপাৰ মাতত ৰজনজনালে নলবাৰীৰ আছুৰ শ্বহীদ ভৱনৰ বাকৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.