হোজাই, 22 জুন: বানৰ বিভীষিকাৰ (Flood in Assam) মাজতেই হোজাই জিলালৈ আহিল এক ভাল খবৰ । হোজাই জিলাৰ লংকাৰ নিৰ্বাসী পিতৃ বুধেন নাথ আৰু মাতৃ নৱনিতা দেৱীৰ জ্যেষ্ঠ কন্যা বিদিশা দেৱীয়ে Miss Northeast Guwahati 2022 ৰ খিতাপ দখল কৰাৰ লগতে Miss Best Stylish ৰ খিতাপো লাভ কৰিবলৈ সক্ষম হৈছে ।
সৰুৰেই পৰা পঢ়া-শুনাত মেধাৱী সম্পন্ন বিদিশাই ২০২০-২১ বৰ্ষত লংকাৰ জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত ডিচটিংচন নম্বৰ সহ উৰ্ত্তীণ হৈ নগাওঁ মহাবিদ্যালয়ত ভূগোল বিষয়ক মূল বিষয় হিচাপে লৈ অধ্যয়ন কৰি আছে । অধ্যয়নৰ মাজতেই বিদিশাই ফ্ৰেশ্বন জগতত নিজকে প্ৰতিষ্ঠিত কৰাৰ সপোন পুহি ৰাখিছিল ৷ এই সপোন পূৰণ হোৱাৰ লক্ষ্যৰে নগাঁৱত পঢ়া শুনাৰ মাজতেই Raj Aryan Agamcharya ৰ তত্ত্বাবধানত ফেশ্বনৰ প্ৰশিক্ষণ লয় ৷
এই প্ৰশিক্ষণ গ্ৰহণ কৰিয়েই ২১ বছৰীয়া বিদিশাই নগাঁৱৰ Muga Spice নামৰ প্ৰতিষ্ঠানটোৰ পৰা গুৱাহাটীৰ পাঞ্জাৱাৰীস্থিত Shilpgram Auditorium ত 16 জুনত অনুষ্ঠিত হোৱা Miss Northeast Guwahati 2022 ত অংশগ্ৰহণ কৰি খিতাপ দখল কৰে ৷ প্ৰশান্ত ফুকনৰ তত্ত্বাবধানত Ramdhenu Cultural গ্ৰুপে আয়োজন কৰা এই প্ৰতিযোগিতাখনত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ ৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ৷
লগতে পঢ়ক: ডিক্ৰং নৈখন পূৰ্বৰ সুঁতিৰে বৈ যাবলৈ ৰাইজৰ যজ্ঞৰ আয়োজন