হোজাই, 4 আগষ্ট : হোজাই সমষ্টিৰ অন্তৰ্গত নীলবাগানৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুৰ তলত পুখুৰী সদৃশ গাঁত সৃষ্টি হোৱাৰ বাবে বহুদিনৰ পৰা জীয়াটো ভুগি আহিছে নিলবাগানবাসী ৰাইজে । সেয়েহে দেওবাৰে নীলবাগান যুৱক সমাজ, ব্যৱসায় আৰু স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানকাৰী সংস্থা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,নগাঁও সাংসদ প্ৰদুৎ বৰদলৈ,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰূদ্ধে বিভিন্ন শ্ল'গান দিয়ে প্ৰতিবাদকাৰীয়ে ৷ নীলবাগান পথৰ পুনৰ নিৰ্মাণ তথা মেৰামতি অতি সোনকালে নকৰিলে পৰৱৰ্তী পৰ্যায়ত নিলবাগানবাসী ৰাইজে ভয়ংকৰ আন্দোলন কৰাৰ হুংকাৰ দিয়ে ৷
![প্ৰতিবাদ সাব্যস্ত নিলবাগানবাসী ৰাইজৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/hojairastardurabosta_03082020160413_0308f_1596450853_1040.png)
লগতে পঢ়ক : মাদাৰপুৰ গাঁৱৰ মাজেৰে গতি সলালে আই নদীয়ে : পানীৰ তলত সমগ্ৰ গাঁও