হোজাই, 7 আগষ্ট : ‘‘নিষিদ্ধ ড্ৰাগছৰ লগত যদি কোনোবা জড়িত থকাৰ প্ৰমাণ পোৱা যায়, তেন্তে তেনে লোকক প্ৰথমতে সমাজৰ পৰা বহিষ্কাৰ কৰা হ’ব ৷ দ্বিতীয়তে পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু হ’লেও কোনো লোককে কবৰস্থানত কবৰ দিবলৈ দিয়া নহ’ব ৷ তৃতীয়তে তেনে লোকক গাঁৱৰ পৰাই উচ্ছেদ কৰা হ’ব ৷’’ হোজাইৰ মোৰাঝাৰত অনুষ্ঠিত হোৱা ড্ৰাগছ বিৰোধী এক সজাগতা সভাত গ্ৰহণ কৰা হয় এই প্ৰস্তাৱ ৷
সকলোৰে জ্ঞাত যে, ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ এই অভিযানৰ অংশস্বৰূপে ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত বহু ব্যৱসায়ী তথা অভিযুক্তক ৷ ড্ৰাগছ বিৰোধী অভিযানৰ লগত সংগতি ৰাখি হোজাইৰ মোৰাঝাৰত প্ৰগতিশীল যুৱ সমাজৰ উদ্যোগত আয়োজন কৰা হয় এখনি ড্ৰাগছ বিৰোধী সভা ৷
এই সভাত মোৰাঝাৰ অঞ্চলৰ প্ৰায় শতাধিক মছজিদৰ ইমাম, পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক, কবৰস্থান পৰিচালনা সমতিৰ বিষয়ববীয়াৰ লগতে অঞ্চলটোৰ বহুকেইজন ব্যক্তিও উপস্থিত থাকে ৷ লগতে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি হোজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই ড্ৰাগছৰ লগত জড়িত থকা সকলৰ বিৰুদ্ধে কিদৰে আইনী ব্যৱস্থা গ্ৰহণ কৰা কৰা হয় সেই সন্দৰ্ভতো ৰাইজক অৱগত কৰে ৷
লগতে ড্ৰাগছৰ লগত জড়িত থকা সকলক সমাজৰ কোনো লোকে যাতে কোনো ধৰণৰ সহযোগ নকৰে, তাৰ প্ৰতি তেওঁ আহ্বান জনায় ৷ উল্লেখ্য যে, এই সভাৰ আৰম্ভনিতে ড্ৰাগছ বিৰোধী এক সজাগতা ৰেলিও বাহিৰ কৰা হয় ৷ এই ৰেলিত অঞ্চলটোৰ বহু লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক : Manipur Issue: মণিপুৰ বিষয়ত কেন্দ্ৰৰ হস্তক্ষেপৰ দাবী ভাৰত ৰক্ষা মঞ্চৰ