হোজাই,4 মাৰ্চ: কৰ্মসূত্ৰে বহিঃ ৰাজ্যলৈ যোৱা অসমৰ যুৱকৰ মৃত্যু ৷ হোজাই জিলাৰ নখুটি চাকেবস্তিৰ হবিবুৰ ৰহমান (২৮)নামৰ যুৱক এজনে মুম্বাইৰ কৰ্মস্থলীতে মৃত্যুক আকোৱালি লয় ৷ বিগত এমাহৰ পূৰ্বে কৰ্মৰ সন্ধানত যোৱা যুৱকজনে মুম্বাইৰ এটা পাঁচ মহলীয়া বিল্ডিঙৰ নিৰ্মাণ কাৰ্যত ৰাজমিস্ত্ৰী হিচাবে কাম কৰি আছিল ৷ কৰ্মৰত অৱস্থাতে বিল্ডিঙৰ পৰা তললৈ সৰি পৰি মৃত্যু মুখত পৰে যুৱকজন ৷
বৃহস্পতিবাৰে যুৱকজনৰ মৃতদেহ নখুটি চাকেবস্তি আহি পোৱাৰ পাচতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোতে ৷ অঞ্চলটোৰ স্থানীয় লোক সকলে হবিবুৰ ৰহমানৰ পত্নীৰ লগতে তিনিটা সন্তানক উপাৰ্জনৰ পথ বাছি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে ৷
লগতে পঢ়ক: চাইনিজ পেন গান আৰু গুলীসহিতে ধৃত এক