ETV Bharat / state

প্ৰেমত প্ৰতাৰণাঃ লংকাত প্ৰেমিকাক অপহৰণ কৰি দুষ্ট চক্ৰৰ হাতত

author img

By

Published : Apr 2, 2019, 7:33 PM IST

প্ৰেমিকাক অপহৰণৰ অভিযোগ প্ৰেমিকৰ ওপৰত ৷ প্ৰেমিকাক লগ কৰাৰ কৌশলৰে মাতি নি ঘৰৰ সন্মুখৰৰ পৰা দুই সহযোগী যুৱকৰ সৈতে প্ৰেমিকাক ডিমাপুৰত দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰিছিল শ্বাহিন আহমেদ সহ আন দুই যুৱকে

প্ৰেম প্ৰতাৰণাঃ লংকাত প্ৰেমিকাক অপহৰণ আৰু দুষ্ট চক্ৰৰ হাতত বিক্ৰী প্ৰেমিকৰ

হোজাই, 2 এপ্ৰিলঃ ফেচবুকেই যেন অৱশেষত কাল হ'ল এগৰাকী যুৱতীৰ বাবে | ঘটনা সন্দৰ্ভত জানিব পৰা মতে লংকাৰ খাৰিখানাৰ শ্বাহিন আহমেদ নামৰ যুৱক এজনে ফেচবুকৰ জৰিয়তে প্ৰায় ১ বছৰ পূৰ্বে চিনাকী হৈছিল এগৰাকী যুৱতীৰ সৈতে | প্ৰথমে বন্ধুত্ব তাৰ পিচতে বন্ধুত্ব পৰিণত হ'ল প্ৰেমলৈ | কিন্তু ২৮ মাৰ্চত প্ৰেমিকাক অপহৰণ কৰাৰ অভিযোগ উঠিছে প্ৰেমিকৰ ওপৰত | প্ৰেমিকাক লগ কৰাৰ কৌশলৰে সন্ধিয়া ঘৰৰ পদূলিলৈ মাতি কৌশলৰে ঘৰৰ সন্মুখৰৰ পৰা দুই সহযোগী যুৱকৰ সৈতে প্ৰেমিকাক অপহৰণ কৰি নিছিল প্ৰেমিক শ্বাহিন আহমেদে ৷

প্ৰেম প্ৰতাৰণাঃ লংকাত প্ৰেমিকাক অপহৰণ আৰু দুষ্ট চক্ৰৰ হাতত বিক্ৰী প্ৰেমিকৰ

আনহাতে যুৱতী গৰাকীক অপহৰণ কৰি নি সেই নিশাই ডিমাপুৰত দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰিছিল শ্বাহিন আহমেদসহ আন দুই যুৱকে | পৰিয়ালৰ লোকে বিশেষ সূত্ৰে খবৰ লাভ কৰি অৱশেষত সোমবাৰে নিশা যুৱতী গৰাকীক ডিমাপুৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় | ইতিমধ্যে, অপহৃত যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ পিচতেই মঙলবাৰে উদালী আৰক্ষী থানাত শ্বাহিন আহমেদসহ আন দুই যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে অপহৃত যুৱতী গৰাকীৰ পৰিয়ালে |

আৰক্ষীয়ে ইতিমধ্যে এই গোচৰৰ ভিত্তিত তিনি যুৱকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে | প্ৰেমত প্ৰতাৰণাৰে এনেদৰে এগৰাকী যুৱতীক অপহৰণ কৰি দুষ্ট চক্ৰৰ কৱলত বিক্ৰী কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত৷

Slug  : Hojai Lanka Kidnapping and recovery.

Date : 02/04/2019

Vis : email

Story : প্ৰেমৰ নামত প্ৰৱঞ্চনাৰ জাল পেলাই  হোজাই জিলা লংকাত প্ৰেমিকাক অপহৰণ |

অপহৃত প্ৰেমিকাক ডিমাপুৰত দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰিলে ভণ্ড প্ৰেমিকে  |

অৱশেষত ডিমাপুৰৰ পৰা উদ্ধাৰ হ'ল অপহৃত যুৱতী গৰাকী |

V. O. 
হয় |ফেচবুকেই যেন অৱশেষত কাল হ'ল এগৰাকী যুৱতীৰ বাবে |প্ৰেমৰ নামত প্ৰৱঞ্চনা কৰি প্ৰেম,ভালপোৱাৰ দোহাই দি এখন নাটক ৰচনা কৰিছিল এজন ভণ্ড প্ৰেমিকে |আৰু সেই নাটক খনৰ খলনায়ক আছিল প্ৰেমিক শ্বাহিন আহমেদ নামৰ যুৱকজন | অৱশেষত যেন খলনায়কৰ চৰিত্ৰ ৰূপায়ণ কৰি প্ৰেমৰ নামত প্ৰৱঞ্চনা কৰি প্ৰেমিকাক অপহৰণ কৰি দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰিলে প্ৰৱঞ্চক প্ৰেমিকে | লংকাৰ লাচিত পথাৰত যোৱা ২৮ মাৰ্চত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা | জানিব পৰা মতে,লংকাৰ খাৰিখানাৰ শ্বাহিন আহমেদ নামৰ যুৱকজনৰ সৈতে ফেচবুকৰ জৰিয়তে প্ৰায় ১ বছৰ পূৰ্বে চিনাকী হৈছিল এই গৰাকী যুৱতী | প্ৰথমে বন্ধুত্ব আৰু পিছতে সেই বন্ধুত্ব পৰ্যবসিত হ'ল প্ৰেমলৈ |আৰু তাৰ পিছৰে পৰা দুয়োৰে মাজত ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিলে কথাবতৰা |কিন্তু,হঠাৎ যোৱা ২৮ মাৰ্চত  প্ৰেমিকাক অপহৰণ কৰিলে ছদ্মবেশী প্ৰেমিকে | প্ৰেমিকাক লগ কৰাৰ কৌশলৰে সন্ধিয়া ঘৰৰ পদূলিলৈ মাতিছিল শ্বাহিন আহমেদ নামৰ প্ৰেমিক জনে।লগ কৰাৰ কৌশলৰে ঘৰৰ সন্মুখৰৰ পৰা দুই সহযোগী যুৱকৰ সৈতে প্ৰেমিকাক অপহৰণ কৰি নিছিল প্ৰৱঞ্চক প্ৰেমিক শ্বাহিন আহমেদে |ইফালে,যুৱতী গৰাকীক অপহৰণ কৰি নি সেই নিশাই ডিমাপুৰত দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰিছিল শ্বাহিন আহমেদ সহ আন দুই যুৱকে |ইফালে,পৰিয়ালৰ লোকে বিশেষ সূত্ৰে খবৰ লাভ কৰি অৱশেষত সোমবাৰে নিশা যুৱতী গৰাকীক ডিমাপুৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় |

Byte. Relative

ইতিমধ্যে,অপহৃত যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ পিছতেই মংগলবাৰে উদালী আৰক্ষী থানাত শ্বাহিন আহমেদ সহ আন দুই যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে অপহৃত যুৱতী গৰাকীৰ পৰিয়ালে |আৰক্ষীয়েও ইতিমধ্যে গোচৰৰ ভিত্তিত তিনি যুৱকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে |প্ৰেম প্ৰতাৰণাৰে এনেদৰে এগৰাকী যুৱতীক অপহৰণ কৰি দুষ্ট চক্ৰৰ কবলত বিক্ৰী কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.