ETV Bharat / state

পশ্চিম কাৰ্বি আংলঙত উদ্ধাৰ প্ৰকাণ্ড অজগৰ - ETV

প্ৰত্যেক বছৰে বনাঞ্চলৰ পৰা ওলাই অহা অজগৰ স্থানীয় লোকে উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে ৷

পশ্চিম কাৰ্বি আংলঙত উদ্ধাৰ প্ৰকাণ্ড অজগৰ
author img

By

Published : Jul 23, 2019, 12:25 PM IST

Updated : Jul 23, 2019, 2:35 PM IST

হোজাই, 23 জুলাইঃ হোজাই জিলাৰ সীমামুৰীয়া পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয় মঙলবাৰে ৷ মেনমেজি নামৰ গাওঁখনত এটা ছাগলীক ভক্ষণ কৰিবলৈ চেষ্টা চলাওতেই গাওঁবাসীয়ে প্ৰত্যক্ষ কৰে অজগৰডাল । তাৰ পাছতেই অঞ্চলটোৰ কেইজনমান লোকে অজগৰডাল উদ্ধাৰ কৰি খেৰণি বন বিভাগক চমজাই দিয়ে ।

ETV BHARAT ASSAM
10 ফুট দৈৰ্ঘৰ প্ৰকাণ্ড অজগৰ উদ্ধাৰ

উদ্ধাৰ হোৱা অজগৰডালৰ দৈৰ্ঘ প্ৰায় ১০ ফুট ৷ পিচত খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তর্গত আমৰেং বনাঞ্চলৰ ঘন হাবিত নি মুকলি কৰি দিয়ে খেৰণি বন বিভাগৰ বন কৰ্মচাৰীয়ে ।

ETV BHARAT ASSAM
10 ফুট দৈৰ্ঘৰ প্ৰকাণ্ড অজগৰ উদ্ধাৰ

উল্লেখযোগ্য যে প্ৰত্যেক বছৰেই স্থানীয়লোকসকলে খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তর্গত বিভিন্ন ঠাইত খাদ্যৰ সন্ধানত ওলাই অহা অজগৰ উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে ৷ অঞ্চলটোৰ ৰাইজৰ বাবে এয়া এক নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷

Intro:হোজাই জিলাৰ সীমামুৰীয়া পশ্চিম কাৰ্বি আংলঙত প্ৰকাণ্ড অজগৰ উদ্ধাৰ।Body:হোজাই জিলাৰ সীমামুৰীয়া পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ।

হোজাই জিলাৰ সীমামুৰীয়া পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ। উল্লেখযোগ্য যে মেনমেজি নামৰ গাওঁখনত এটা ছাগলীক ভক্ষণ কৰিবলৈ চেষ্টা চলাই থকা অৱস্থাত গাওঁবাসীয়ে প্রত্যক্ষ কৰে এডাল অজগৰক। তাৰ পাছতেই অঞ্চলটোৰ কেইজনমান লোকে উক্ত স্থানৰ পৰা অজগৰটোক উদ্ধাৰ কৰি খেৰণি বন বিভাগক চমজাই দিয়ে। পৰবৰ্তী সময়ত উদ্ধাৰ হোৱা প্ৰায় ১০ ফুট দৈৰ্ঘৰ অজগৰটোক খেৰণি বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তর্গত থকা আমৰেং বনাঞ্চলৰ ঘন হাবিত নি মুকলি কৰি দিয়ে খেৰণি বন বিভাগৰ বন কৰ্মচাৰীয়ে। উল্লেখযোগ্য যে প্ৰত্যেক বছৰেই স্থানীয়লোকে এনেদৰে খেৰণি বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তর্গৰ বিভিন্ন ঠাইত তথা জনানঞ্চলসমূহত খাদ্যৰ সন্ধানত বিচৰণ কৰি থকা অজগক প্ৰত্যক্ষ কৰা অথবা স্থানীয় ৰাইজে অজগৰ উদ্ধাৰ কৰা দৃশ্য দেখিবলৈ পোৱা যায়।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
Last Updated : Jul 23, 2019, 2:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.