হোজাই, 14 ফেব্ৰুৱাৰী : নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হোৱা পৰিলক্ষিত হৈছে শাসকীয়-বিৰোধী দল ৷ প্ৰতিদিনে বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে ৷ দেওবাৰে নিৰ্বাচনক কেন্দ্ৰ কৰি হোজাই জিলা ভ্ৰমণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ চৰকাৰী অনুস্থানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে হোজাইত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
বিয়লি 1 বাজি 30 মিনিটত বজাত বিহুতলী ৰাজহুৱা খেলপথাৰত হেলিকপ্টাৰ অৱতৰন হোৱাৰ পিচত স্থল পথেৰে ৰাধানগৰ পঞ্চায়তৰ শিলিগুৰি বস্তিৰ বৃদ্ধ প্ৰভুৰ আশ্ৰমৰ বাকৰিত অনুষ্ঠিত হোৱা বিজেপিৰ পৃষ্ঠা প্ৰমূখ কাৰ্যসূচীত ভাগ লৈ বিজেপিৰ কাৰ্যকর্তাক উদ্দেশ্যি ভাষণ প্ৰদান কৰে । পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হোজাই গাঁও পঞ্চায়ত মেলাত উপস্থিত হৈ বিভিন্ন গাঁৱৰ পৰা অহা অংশগ্ৰহণকাৰীসকলৰ সৈতে মত-বিনিময় কৰে । মেলাত স্থানীয় ঐতিহ্যৰ নিদৰ্শন, হস্তশিল্প আদি প্ৰদৰ্শন কৰে ।
![as_hojai_01_CM Visit Hojai_vis_](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-03-14feb-cmhojai-vis-byte-photo-10015_14022021183108_1402f_1613307668_471.jpg)
লগতে পঢ়ক : ফলে-ফুলে জাতিষ্কাৰ এটি অংগনবাদী কেন্দ্ৰ
উক্ত কাৰ্যসূচীৰ পিচতে মৈত্ৰী আঁচনিৰ অধীনত হোজাই আৰক্ষী থানাৰ নৱ-নিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে । ইফালে, কেন্দ্ৰীয় পথ পুঁজি (CRF) ৰ অধীনত নিৰ্মিত নীলবাগান-হোজাই পথটি মুকলি কৰে ।
![as_hojai_01_CM Visit Hojai_vis_](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-03-14feb-cmhojai-vis-byte-photo-10015_14022021183108_1402f_1613307668_471.jpg)
উক্ত কাৰ্যসূচীত হোজাইৰ বিধায়ক শিলাদিত্য দেব আৰু বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ কলা ভৱনৰ আধাৰশিলা স্থাপন কৰে ।
আনহাতে, উক্ত স্থানৰ পৰাই সংবাদমাধ্যমক সম্বোধন কৰি কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে সৰ্বানন্দ সোণোৱালে ৷ জানিব পৰা মতে, সময়ৰ অভাৱৰ বাবে জোৰাপুখুৰী আৰু হোজাই সংযোগী পথ এটা মুকলি অনুষ্ঠান বাতিল কৰিবলগীয়া হয় ।
লগতে পঢ়ক : পিতৃ ভক্তিৰ নিদৰ্শন: সাজি উলিয়ালে প্ৰতিমূৰ্তি