হোজাই, ২৩ নৱেম্বৰ: কৰ'ণাসৃষ্ট পৰিস্থিতিৰ মাজতে অনুষ্টুপীয়াকৈ শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপনৰ বাবে হোজাইৰ ৩নং কাকীৰ মুদৈয়নী আৰু বালিসত্ৰৰ ৰাইজে যো-জা চলাইছে। ৰাসৰ গীত, বাঁহীৰ সুৰত মুখৰিত হৈ পৰিছে মুদৈয়নী আৰু বালিসত্ৰৰ আকাশ-বতাহ । মুদৈয়নী আৰু বালিসত্ৰ সাৰ্বজনীন শ্ৰীকৃষ্ণ ৰাসলীলাৰ বাবে আখৰাত ব্যস্ত হৈ পৰিছে কিশোৰ-কিশোৰী, যুৱক-যুৱতী আৰু জ্যেষ্ঠসকল।
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰাস মহোৎৱৱখনি। পূৰ্বৰ দৰে নহ'লেও ৰাইজে পৰম্পৰা অক্ষুণ্ণ ৰাখি মহাৰাসৰ আয়োজন কৰিছে। শ্ৰী কৃষ্ণৰ লীলাক নাটকীয় ৰূপত উপস্থাপন কৰিবলৈ আখৰা কৰিছে গাঁৱৰ যুৱতীসকলে। COVID-19ৰ প্ৰট'কল মানিহে ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে ।