হোজাই ,21 জানুৱাৰী : হোজাই জিলাৰ লামডিংস্থিত মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ত অন্নশনত বহিল ৰেলৱে ষ্টেচন মাষ্টাৰ । ৰেলৱে ষ্টেছন মাষ্টাৰৰ দৈনিক ভাট্টা দিয়াৰ দাবীত ১২ ঘন্টীয়া অন্নশনত বহিল অল ইণ্ডিয়া ষ্টেচন মাষ্টাৰ ৷ উল্লেখ্য় যে, কেন্দ্ৰৰ বিজেপি শাসিত চৰকাৰখনে ভাৰতীয় ৰেল সেৱাত যি দমননীতি চলাই গৈছে. এই দমন নীতিৰ বিৰূদ্ধে লামডিঙত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ অল ইণ্ডিয়া ষ্টেচন মাষ্টাৰৰ ৷
অতি শীঘ্ৰেই তেওঁলোকৰ দাবী সমুহ মানি নললে তেওঁলোকে আমৰন অনশন কৰি যাব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে ৷
প্ৰতিবাদকাৰীসকলৰ অভিযোগ, চৰকাৰখনে বাৰে বাৰে ৰেলৱে কৰ্মচাৰীক প্ৰতৰণা কৰি আহিছে ৷ এইবাৰ পুনৰ কৰ’ণাক লৈ ৰাজনীতি কৰি ৰেলৱেৰ Night Duty Allowance কাটি দি তেওঁলোকক নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে ৷
লগতে পঢ়ক:জোনাইৰ এজন সফল খেতিয়কৰ উপাৰ্জনৰ কথাৰে...