ETV Bharat / state

Ajmal Super 40 :আজমল ছুপাৰ ৪০ৰ বাছনি পৰীক্ষাৰ কাৰ্যসূচী ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 8:38 PM IST

১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আজমল ছুপাৰ ৪০ৰ বাছনি পৰীক্ষাৰ পঞ্জীয়ন । এক সংবাদমেল যোগে এই বিষয়ে সদৰী কৰে আজমল ফাউণ্ডেচনৰ মূখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমলে ।

Ajmal Super 40
আজমল ফাউণ্ডেচন
আজমল ফাউণ্ডেচন

হোজাই, ১৬ ছেপ্টেম্বৰঃ অষ্টম, নৱম আৰু একাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে আজমল ছুপাৰ ৪০ৰ বাছনি পৰীক্ষাৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে । বাছনি পৰীক্ষাৰ পঞ্জীয়ন ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব । আনহাতে,পৰীক্ষা অনুষ্ঠিত হ'ব ২৪ ডিচেম্বৰত । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৩০টাৰো অধিক স্থানত অনুষ্ঠিত হ'ব এই বাছনি পৰীক্ষা । ৰাজ্যখনৰ মেধাবী শিক্ষাৰ্থী সকলৰ সুবিধার্থে বিভিন্ন স্থানত স্থাপন কৰা হ'ব বাছনি পৰীক্ষা কেন্দ্ৰ । ইয়াৰ উপৰি দুখীয়া মেধাৱী ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব জলপানি । শনিবাৰে আজমল ফাউণ্ডেচনৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেল যোগে আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমলে এইদৰে কয় ।

মূখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমলে অহা ২৪ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বাছনি পৰীক্ষাৰ কাৰ্যসূচী ঘোষণা কৰে । বাছনি পৰীক্ষাৰ আবেদনৰ অন্তিম তাৰিখ অহা ১৫ ডিচেম্বৰ । হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া মেধা সম্পন্ন শিক্ষার্থীসকলে এই বাছনি পৰীক্ষাৰ জৰিয়তে আজমল ছুপাৰ ৪০ৰ একাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ সুযোগ গ্ৰহণ কৰিব । উক্ত বাছনি পৰীক্ষাত পাৰদৰ্শিতা দেখুওৱা প্ৰথম ৪০ গৰাকী আর্থিক ভাৱে জুৰুলা শিক্ষাৰ্থীক মৌখিক সাক্ষাৎকাৰৰ জৰিয়তে বিনামূলীয়া নামভৰ্তিৰ সুযোগ প্ৰদান কৰা হ'ব ।

মূখ্য ন্যাসৰক্ষীগৰাকীয়ে কয় যে বিশেষকৈ অনুসূচীত জাতি-জনজাতি আৰু চাহ-জনজাতীয় সম্প্ৰদায়ৰ শিক্ষাৰ্থী সকলক ৫০ শতাংশ ৰেহাই দিয়া হ'ব । ইয়াৰ উপৰি মেধাৰ ভিত্তিত বিভিন্ন পর্যায়ত জলপানি প্ৰদান কৰা হ'ব । অষ্টম,নৱম আৰু একাদশ শ্ৰেণীৰ বাবে মুঠ ১৫০ নম্বৰৰ বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব। গণিত ৪০ নম্বৰ, বিজ্ঞান ৬০ নম্বৰ, ইংৰাজীত ২৫ নম্বৰ আৰু সাধাৰণ জ্ঞান-বুদ্ধি বিকাশত ২৫ নম্বৰ ।

সমান্তৰালকৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত যিসকলে নীট আৰু JEE পৰীক্ষাৰ বাবে এক বছৰীয়া কোচিং ল'ব বিচাৰে তেনে শিক্ষাৰ্থীৰ কাৰণেও একে সময়তে অনুষ্ঠিত হ'ব এই বাছনি পৰীক্ষা । উক্ত সংবাদমেলত উপস্থিত থাকে আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমল, আজমল ফাউণ্ডেচনৰ সঞ্চালক ড৹খচৰুল ইছলাম,মহাপ্ৰবন্ধক ড৹ এম আৰ এইচ আজাদসহ আজমল ফাউণ্ডেচন তথা আজমল ছুপাৰ ৪০ৰ অন্যান্য বিষয়ববীয়াসকল ।

লগতে পঢ়ক:Awarenes on snake bite treatment:সৰ্প দংশনৰ চিকিৎসাৰ অন্তৰায় হ'ল অন্ধবিশ্বাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.