ETV Bharat / state

ডবকাত অগপ-বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচন কেন্দ্ৰিক সভা

পৌৰ সভা নিৰ্বাচনক (Assam municipal election 2022) লৈ তৎপৰ বিজেপি মিত্ৰজোঁট । ডবকাত মিত্ৰজোঁটৰ যৌথ সভা । নিৰ্বাচন কেন্দ্ৰিক সভাত ৰণকৌশল প্ৰস্তুত । নেতাসকলৰ দাবী হোজাই জিলাৰ আটাইকেইখন পৌৰ সভাতে মিত্ৰজোঁটৰ জয় নিশ্চিত ।

Hojai
ডবকাত অগপ বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচন কেন্দ্ৰিক সভা
author img

By

Published : Feb 24, 2022, 10:24 PM IST

হোজাই,২৪ ফেব্ৰুৱাৰী : ৰাজ্যত এতিয়া পৌৰ সভা নিৰ্বাচনৰ (Assam municipal election 2022) ব্যাপক প্ৰস্তুতি চলিছে । হোজাই জিলাও ব্যতিক্ৰম নহয় । শাসকীয় বিজেপি আৰু অগপ মিত্ৰজোঁটে ইতিমধ্যে জিলাখনত নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছে । ইয়াৰ মাজতে নিৰ্বাচন সম্পৰ্কে ডবকাত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি দলে একত্ৰিতভাৱে এক বিশেষ সভাৰ আয়োজন কৰে (Municipal election related meeting at Doboka)।

ডবকাৰ আব্দুল জলিল মেম'ৰিয়েল হলত অনুষ্ঠিত হোৱা সভাখনত ৫ টা ৱাৰ্ডৰ বিজেপিৰ প্ৰাৰ্থী আৰু ৪ টা ৱাৰ্ডৰ অগপ প্ৰাৰ্থীৰ লগতে এজন নিৰ্দলীয় প্ৰাৰ্থীক লগত লৈ মিত্ৰদলে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰে । সভাত বিজেপিৰ হোজাই জিলাৰ সভাপতি অনুপ কুমাৰ দেৱে সংবাদ মাধ্যমৰ আগত কয় যে নিৰ্বাচনৰ ৰণ কৌশল কি হ'ব সেই সন্দৰ্ভত প্ৰাৰ্থী আৰু কাৰ্যকৰ্তাক লগত লৈ এই সভাত আলোচনা কৰা হৈছে ৷ হোজাই জিলাৰ ৪ খন পৌৰসভাৰ ভিতৰত ইতিমধ্যে লামডিং পৌৰসভাত ১৩ টা ৱাৰ্ডৰ ৭ টাত বিনা প্ৰতিদ্বন্দিতাৰে বিজেপি প্ৰাৰ্থী জয়ী হোৱা বুলি উল্লেখ কৰি জিলা সভাপতি গৰাকীয়ে কয় যে লংকা পৌৰসভাৰ ১১ টা ৱাৰ্ডত বিজেপিয়ে প্ৰাৰ্থী দিয়া হৈছে আৰু তেওঁৰ মতে আটাইকেইটাতে দলৰ প্ৰাৰ্থীসকল জয়ী হোৱাটো নিশ্চিত ৷

ডবকাত অগপ-বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচন কেন্দ্ৰিক সভা

আনহাতে, হোজাই পৌৰসভাৰ ১৯ খন আসনত বিজেপিয়ে প্ৰাৰ্থী থিয় কৰাইছে আৰু এটা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে ৷ লগতে এইবাৰ ডবকা পৌৰ সভাখনো বিজেপিৰ দখললৈ আহিব বুলি দাবী কৰে বিজেপিৰ জিলা সভাপতিগৰাকীয়ে ৷

সভাত অগপৰ হোজাই জিলাৰ সভাপতি ৰেজাউল কৰিম চৌধুৰীও উপস্থিত থাকে । অগপৰ সভাপতিগৰাকীৰ মতে তেওঁলোক সম্পূৰ্ণ আশাবাদী অগপ-বিজেপিৰ মিত্ৰজোঁটে ডবকা পৌৰসভাৰ ৯ খন আসন লাভ কৰাৰ লগতে নিৰ্দলীয় এজনো জয়ী হ'ব ৷ উল্লেখ্য যে ডবকাত অগপৰ এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱাত নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন কৰিছে অগপ-বিজেপি মিত্ৰজোঁটে ৷

লগতে পঢ়ক :Majuli By Election 2022: মাজুলীৰ ৰাজীৱ ভৱনত অপূৰ্ব ভট্টাচাৰ্যৰ সংবাদ মেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.