হোজাই, 29 আগষ্ট : হোজাই জিলাৰ লংকাত বোকাঘাটৰ ৰেজিনা বেগম নামৰ এগৰাকী অসহায় মহিলাই স্বামীৰ সন্ধানত ঘূৰি ফুৰিছে ৷ নিজৰ ৫ বছৰীয়া সন্তানক লগত লৈ এনেদৰে ঠায়ে ঠায়ে হাবাথুৰি খাই ফুৰিছে মহিলা গৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বোকাঘাটৰ ৰেজিনা বেগমে বাৰ বছৰ পূৰ্বে ডবকাৰ আটাবুৰ ৰহমানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৷ বিবাহৰ পাছতে তেওঁলোকৰ জীৱনলৈ দুটাকৈ সন্তানো আহিছিল ৷ কৰ্মসূত্ৰে আটাবুৰ ৰহমান বোকাঘাটতেই আছিল আৰু জুলাই মাহৰ 24 তাৰিখে আটাবুৰে বোকাঘাটৰ দোকানত বনকৰা হিচাপে থকা এগৰাকী যুৱতীৰ সৈতে লংকাৰ উদালীলৈ পলায়ন কৰে ৷
ঘটনাৰ উমান পাই ৰেজিনাই স্বামীক বিচাৰি লংকালৈ আহে যদিও স্বামীৰ পৰিয়ালৰ সম্বন্ধীয় আহাদ উদ্দিনে তেওঁক বাটতে মাৰপিট কৰে ৷ ইয়াৰ পাছতে ৰেজিয়াই ঘটনা সন্দৰ্ভত উদালী আৰক্ষী পহৰা চকীত এক এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৷