হোজাই, 30 মে’: হোজাই জিলাৰ কাকীৰ ৰামপুৰত শনিবাৰে উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ । পথাৰৰ আলিত পৰিত্যক্ত অৱস্থাত পৰি থকাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে আৰু আৰক্ষীক খবৰ দিয়ে । মহিলাগৰাকীৰ নাম সুশীলা ধনোৱাৰ আৰু বয়স 54 বছৰ বুলি জানিব পৰা গৈছে ৷
মৃত মহিলাগৰাকীৰ স্বামীয়ে জানিবলৈ দিয়া মতে, তেওঁৰ পত্নী পূৰ্বৰে পৰাই মৃগী বেমাৰত আক্ৰান্ত হৈ আছিল ৷ ঘটনাস্থলীত কাকী আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত অঞ্চললটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷
লগতে পঢ়ক: কৰিমগঞ্জত সমস্যাৰ সন্মুখীন কৰ্তব্যৰত লেব’ৰেটৰী টেকনিছিয়ান