ETV Bharat / state

হোজাইত মাহীয়েকৰ হাতত অপহৃত শিশু

হোজাইৰ মোৰাঝাৰৰ চানাপট্টিত সংঘটিত অপহৰণ কাণ্ড ৷ হাজিবা বেগম নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ নিচাজাতীয় ঔষধ মিহলাই অচেতন কৰি অচেতন কৰে পৰিয়ালৰ লোকক ৷ ধনৰ লেনদেনৰ বাবেই অপহৰণ কৰাৰ সন্দেহ ৷

author img

By

Published : Jun 17, 2019, 3:05 PM IST

হোজাইত মাহীয়েকৰ হাতত অপহৃত শিশু

হোজাই, 17 জুন : নিচাজাতীয় ঔষধ খুৱাই অচেতন কৰি মাহীয়েকে অপহৰণ কৰিলে কণমানি ভাগিনক ৷ হোজাইৰ মোৰাঝাৰৰ চানাপট্টিত সংঘটিত হৈছে এই অপহৰণ কাণ্ড ৷ হাজিবা বেগম নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ ডবকাৰ লংলিবস্তিৰ পৰা মাতৃ লতিফা বেগমৰ সৈতে কণমানিটোৱে ঈদৰ পিচদিনাই গৈছিল হোজাই চানাপট্টিত থকা মোমায়েক ইকবালৰ ঘৰলৈ ৷ কৰ্মসূত্ৰে ডিমাপুৰত থকা মাহীয়েক হাজিবা বেগমে শিশুটি মোমায়েকৰ ঘৰলৈ অহাৰ খবৰ পায় আৰু ডিমাপুৰৰ পৰা উপস্থিত হয় চানাপট্টিত থকা ভাতৃ ইকবালৰ ঘৰত ৷

হোজাইত মাহীয়েকৰ হাতত অপহৃত শিশু

ভাত খোৱাৰ পিচত হাজিবাই সকলোকে পানীৰ লগত নিচাজাতীয় ঔষধ মিহলাই অচেতন কৰি তিনি বছৰীয়া ভাগিনক লৈ পলায়ন কৰে ৷ ইয়াৰ পূৰ্বে ঘৰৰ প্ৰতিগৰাকী সদস্যৰে ম'বাইল ফোনবোৰ বন্ধ কৰি চাউলৰ বস্তাৰ তলত থৈ যায় ৷ আদিলক অপহৰণ কৰি লৈ যাওঁতে মহিলাগৰাকীয়ে ডবকাত থকা আন এজন ভগ্নীক ফোন কৰি আদিলক অপহৰণৰ কথা কোৱাৰ লগতে সকলোৰে ম'বাইল চাউলৰ বস্তাৰ তলত ৰাখিছে বুলি অৱগত কৰে আৰু হোজাই এৰি ডিমাপুৰলৈ পলায়ন কৰে৷ ঘটনা সন্দৰ্ভত মোৰাঝাৰ থানাত সবিশেষ উল্লেখ কৰি গোচৰ দিয়াত আৰক্ষীয়ে ডিমাপুৰ ছয়মাইলৰ লেচুগেটত থকা হাজিবাৰ বাসগৃত অভিযান চলায় যদিও বিফল হয় ৷ হাজিবা আৰু তেওঁৰ স্বামী ইছলাম উদ্দিনে পূৰ্বেই ঘৰত তলা লগাই পলায়ন কৰে ৷ ধনৰ লেনদেনৰ বাবেই অপহৰণ কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ৷

Intro:মাহীয়েকে অপহৰণ কৰিলে কনমনি ভাগিনক৷Body: নিচাজাতীয় ঔষধ খোৱাই অচেতন কৰি মাহীয়ে অপহৰণ কৰিলে কনমনি ভাগিনক৷

অপহৰণ কৰি ডিমাপুৰত বিক্ৰিৰ সন্দেহ পৰিয়ালৰ৷

শিশুটিক বিচাৰি ডিমাপুৰত হোজাই আৰক্ষীৰ অভিযান৷

হোজাই মোৰাঝাৰৰ চানাপট্টিত এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে৷ কোনো সন্ত্ৰাসবাদী সংগঠন নাইবা দূৰ্বৃত্তই নহয়,নিজৰ ভাগিনক অপহৰণ কৰিলে স্বয়ং নিজৰ মাহীয়েকে। পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা৷ হাজিবা বেগম নামৰ এগৰাকী মহিলাই নিজৰ তিনি বছৰীয়া ভাগিন আদিল হুছেইনক অপহৰণ কৰাৰ বিস্ফোৰক অভিযোগ উঠিছে৷আদিলৰ পিতৃ আহমেদ হুছেইন কৰ্মসূত্ৰে থাকে কুৱেটত৷ডবকাৰ লংলিবস্তিৰ পৰা মাতৃ লতিফা বেগমৰ সৈতে আদিলে ঈদৰ পিচদিনাই গৈছিল হোজাই চানাপট্টিত থকা মোমায়েক ইকবালৰ ঘৰলৈ৷সকলোৰে মাজত ঈদৰ আনন্দ ৷ কৰ্মসূত্ৰে ডিমাপুৰত থকা মাহীয়েক হাজিবা বেগমে ভাগিন মোমায়েকৰ ঘৰলৈ অহাৰ খবৰ পায় আৰু ডিমাপুৰৰ পৰা উপস্থিত হল চানাপট্টিত থকা ভাতৃ ইকবালৰ ঘৰত৷ নিশা সকলোৰে মাজত ফুৰ্তি আমদেৰে চলিল পাৰ্টি৷ইমানতে সকলো ঠিকে ঠাকে আছিল৷কিন্তু পুৰ্বৰ পৰিকল্পনা অনুসৰি হাজিবাই ভাত খোৱাৰ পিচত সকলোকে পানীৰ লগত নিচাজাতীয় মেডিচিন খোৱাই অচেতন কৰে৷কেৱল অচেতন কৰাই নহয়,সকলো মোবাইল ফোন বন্ধ কৰি চাউলৰ বস্তাৰ তলত থৈ নিজৰ তিনিবছৰীয়া ভাগিন আদিলক অপহৰন কৰি লৈ পুৱতি নিশাই উধাও হয়৷ আদিলক অপহৰণ কৰি লৈ যাওঁতে মহিলা গৰাকীয়ে ডবকাত থকা আন এজন ভগ্নিক ফোন কৰি আদিলক অপহৰনৰ কথা কোৱাৰ লগতে সকলোৰে মোবাইল চাউলৰ বস্তাৰ তলত ৰাখিছে বুলি অবগত কৰে আৰু হোজাই এৰি ডিমাপুৰলৈ পলায়ণ কৰে৷আদিলৰ মোমায়েক ইকবালে মোৰাঝাৰ থানত সবিশেষ উল্লেখ কৰি গোচৰ দিয়াত আৰক্ষীয়ে ডিমাপুৰ ছয়মাইলৰ লেচুগেটত থকা হাজিবাৰ বাসগৃত অভিযান চলায় যদিও বিফল হয়৷হাজিবা আৰু তেওঁৰ স্বামী ইছলাম উদ্দিনে পুৰ্বেই ঘৰত তলা লগাই পলায়ন কৰে৷ বৰ্তমানলৈকে তিনি বছৰীয়া শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে৷আদিলৰ মাতৃ লতিফা বেগমে চানাপট্টিত থকা ভাতৃৰ ঘৰত পুত্ৰক বিচাৰি ভাগি পৰাৰ লগতে পিতৃ আহমেদ হুছেইনে কুৱেটত পুত্ৰ অপহৰনৰ খবৰ পাই হাহাকাৰ কৰিছে বুলি জানিব পৰা গৈছে৷ মাহীয়েকৰ লগত হাজিবাৰ পিতৃ মাতৃৰ ধনৰ লেনদেনৰ বাবেই অপহৰন কৰি বিক্ৰি কৰাৰ সন্দেহ কৰিছে আদিলৰ পৰিয়ালে৷আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে ডিমাপুৰত তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.