ETV Bharat / state

এটকাত উদৰ পূৰাই খাওক এসাজ ভাত ! - lock down

এক টকাত উপলব্ধ এসাজ ভাত ৷ লক্ ডাউনৰ এই সময়তো মাত্ৰ এটকাত এসাজ ভাত উপলব্ধ হোৱাতো শুনিবলৈ আচহুৱা যদিও এইয়া সম্পূৰ্ণ সঁচা ৷ হোজাইত উপলব্ধ হৈছে এই এটকীয়া ভাত ৷

a rsorte owner provide a thali of veg rice on one rupee

author img

By

Published : Apr 2, 2020, 4:23 PM IST

হোজাই, 2 এপ্ৰিল : বৰ্তমান সময়ত এটকাৰ মূল্য হয়তো একোৱেই নাই ৷ টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত এটকীয়া-দুটকীয়া আদি মুদ্ৰা মানুহৰ বাবে মূল্যহীন হৈ পৰিছে ৷ এটকাৰে হয়তো কোনো অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব নোৱাৰি আজিৰ সময়ত ৷ মাত্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ দুই এপদ সামগ্ৰীৰ বাবে হে এটকা বা দুটকাৰ ব্যৱসায় হয় ৷ কিন্তু লক্ ডাউনৰ এই সময়ত কেৱল এটকাত উপলব্ধ হৈছে এসাজ ভাত ৷ আচহুৱা যেন লাগিলেও সঁচা ৷ হোজাইৰ এখন ৰিজ'ৰ্টত বিশেষ একাংশ গ্ৰাহকৰ বাবে যোগান ধৰা হৈছে এটকীয়া ভাত ৷

এসাজ এটকীয়া ভাত !
কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ লোৱাৰ সমান্তৰালকৈ দেশত কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে লক্ ডাউন ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ লক্ ডাউন ঘোষণাৰ লগে লগে সকলো দোকান-পোহাৰ-হোটেল আদি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷ লক্ ডাউনৰ সময়ত যিসমূহ লোক জৰুৰীকালীন সেৱাত কৰ্তব্যৰত হৈ আছে তেওঁলোকক এটকাত এসাজ নিৰামিষ ভাত যোগান ধৰিছে হোজাই জিলাৰ শংকৰদেৱ নগৰৰ চাৰিলেনযুক্ত ৰাজপথৰ কাষত অৱস্থিত "সন্ধ্যা ৰিজ'ৰ্ট"ৰ স্বতাধিকাৰীয়ে ৷ অন্য দিনত সাধাৰণ লোকে সম্পূৰ্ণ শীত-তাপ নিয়ন্ত্ৰিত ৰিজ'ৰ্ট খনত এসাজ খাবলৈ এশ বাৰ চিন্তা কৰিব লাগে ৷ কিন্তু এতিয়া এটকাত উদৰ পূৰাই খাব পাৰিব জৰুৰীকালীন সেৱাত ব্ৰতী হৈ থকা সকলে ৷ ভাত ,আলু পিটিকা, দালি. ভাজিৰে এসাজ নিৰামিষ আহাৰ এক টকাত যোগান ধৰি দেশৰ এই দুৰ্যোগৰ সময়ত এক প্ৰকাৰ সহায় আগবঢ়াইছে ৰিজ'ৰ্টখনৰ স্বত্বাধিকাৰীয়ে ৷ লোকজনৰ প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে ৷ লগতে পঢ়ক : বিলাসীপাৰাত হিন্দু মহিলাক সৎকাৰ কৰিলে ইছলাম ধৰ্মাৱলম্বী ৰাইজে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.