ETV Bharat / state

মিনি পাৱাৰ টিলাৰ নিৰ্মাণ কৰি চৰ্চাত এজন ব্যক্তি - A person in the news by making a mini power tiller

ভৰ বাৰিষাৰ পথাৰত ব্যৱহাৰৰ উপযোগীকৈ হোজাই জিলাৰ এজন ব্যক্তিয়ে সাজি উলিয়াইছে এখন মিনি পাৱাৰ টিলাৰ ৷ এই পাৱাৰ টিলাৰখনে দৃষ্টি আকৰ্ষণ কৰিছ স্থানীয় ৰাইজৰ ৷

a-person-in-the-news-by-making-a-mini-power-tiller-at-hojai
নিজা প্ৰচেষ্টাত মিনি পাৱাৰ টিলাৰ নিৰ্মাণ কৰি চৰ্চাত এজন ব্যক্তি
author img

By

Published : Jul 19, 2021, 10:25 PM IST

হোজাই, 19 জুলাই : শাওনৰ পথাৰত ব্যস্ততা বাঢ়িছে চহা কৃষকৰ ৷ সময়ৰ কঠিয়া সময়ত ৰুই শেষ কৰাৰ বাবে তৎপৰ হৈ পৰিছে কৃষক-ৰোৱনীসকল ৷ যাৰ বাবে পুৰণি গৰুহালৰ পৰিৱৰ্তে খেতিৰ পথাৰত টেক্টৰ, বৈদ্যুতিক অত্যাধুনিক সা-সঁজুলিৰো ব্যৱহাৰ কৰিছ কৃষকে ৷ ইয়াৰ মাজতে হোজাই জিলা কাকীৰ কাকমাৰী গাঁৱৰ এজন ব্যক্তিয়ে নিজা প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিয়াইছে এখন মিনি পাৱাৰ টিলাৰ ৷

নিজা প্ৰচেষ্টাত এখন মিনি পাৱাৰ টিলাৰ নিৰ্মাণ কৰি বৰ্তমান চৰ্চাত থকা ব্যক্তি জনৰ নাম শোভন বৰদলৈ ৷ এই যুৱকজনে ঘৰতে নিৰ্মান কৰিছে এই পাৱাৰ টিলাৰখন ৷ কৰ'ণাৰ বাবে কৰ্মহীন হৈ ঘৰতে থাকিবলগীয়া হোৱাত ব্যক্তিজনে ইউ টিউবত চাই চাইকেল আৰু মটৰ চাইকেলৰ পেলনীয়া সামগ্ৰীৰে আৰু এটা পানী সিঁচা মেচিনৰ ইঞ্জিন ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে এই পাৱাৰ টিলাৰখন ৷ অতি লক্ষণীয়ভাৱে এই পাৱাৰ টিলাৰ খনেৰে এক বিঘা মাটিত হাল বাবলৈ মাত্ৰ সাতশ পঁচিশ গ্ৰাম তেলৰ প্ৰয়োজন হয় ৷

নিজা প্ৰচেষ্টাত মিনি পাৱাৰ টিলাৰ নিৰ্মাণ কৰি চৰ্চাত এজন ব্যক্তি

পাৱাৰ টিলাৰখনেৰে অতি কম তেলতে এক বিঘা মাটিত হালবাব পৰাৰ বাবে সাধাৰণ ৰাইজৰ যথেষ্ট সুবিধা হোৱা বুলি উল্লেখ কৰিছে ব্যক্তিজনে ৷

দৈনিক তিনিৰ পৰা চাৰি বিঘা মাটি হাল বাবৰ সক্ষম হোৱাকৈ ব্যক্তিজনে নিৰ্মাণ কৰি উলিয়াইছে পাৱাৰ টিলাৰখন ৷ উল্লেখ্য যে, শোভন বৰদলৈয়ে পাৱাৰ টিলাৰখন নিৰ্মাণ কৰিবলৈ সক্ষম হোৱাত স্থানীয় ৰাইজ উৎফুল্লিত হৈছে ৷ লগতে আগন্তুক সময়ত অসমৰ উদ্যোগ বিভাগৰ পৰা সহায় পোৱাৰ আশা প্ৰকাশ কৰিছে শোভন বৰদলৈয়ে ৷

লগতে পঢ়ক: ন-নদীৰ বাঢ়নী পানীৰ কবলত বৰদলনিৰ বিস্তীৰ্ণ অঞ্চল

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.