হোজাই,8 অক্টোবৰ: লকডাউনৰ সময়ছোৱাত সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বৃদ্ধি পাইছে বাল্যবিবাহৰ ঘটনা ৷ শেহতীয়াকৈ হোজাই জিলাতো বাল্যবিবাহ সংঘটিত হোৱা পৰিলক্ষিত হৈছে ৷ হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ তৎপৰতাত বৃহস্পতিবাৰে কাকী আৰক্ষী থানাৰ অন্তৰ্গত 2 নং কাকী ৰামপুৰৰ পৰা বিবাহিত অৱস্থাত উদ্ধাৰ হয় এগৰাকী কিশোৰী ৷
উল্লেখ্য যে, 20 ছেপ্তেম্বৰত কাকী ৰামপুৰৰ দিগন্ত ডেকা নামৰ যুৱকজনে লংকাৰ 2 নং ৰে’লগেটৰ পৰা 16 বছৰীয়া কিশোৰী গৰাকীক পলুৱাই নিয়াৰ পাচত দুয়ো বিবাহ পাশত আৱদ্ধ হয় ৷
হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ হোজাই জিলা সমিতিৰ সচিব প্ৰণিতা মৰাঙৰ নিৰ্দেশত চাইল্ড লাইন,কাকী আৰক্ষী আৰু পেনেল অধিবক্তা মনিতা শৰ্মাই গোপন সূত্ৰ ভিত্তিত অভিযান চলাই কাকী ৰামপুৰৰ মহেন্দ্ৰ ডেকা নামৰ লোকজনৰ ঘৰৰ পৰা কিশোৰী গৰাকীক উদ্ধাৰ কৰে ৷ লগতে পলুৱাই নিয়া দিগন্ত ডেকাকো আটক কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক: কাকপথাৰত তুংগত উঠিছে আছু আৰু বিজেপিৰ সংঘাত