ETV Bharat / state

Children missing in Hojai: ঈদৰ দিনাৰ পৰাই হোজাইত নিৰুদ্দেশ ৫ টিকৈ শিশু - ঈদৰ দিনাৰ পৰাই হোজাইত নিৰুদ্দেশ ৫ টিকৈ শিশু

হোজাইত ঈদৰ দিনাৰ পৰাই সন্ধানহীন দুই কন্যা শিশুসহ পাঁচটি শিশু । হোজাই মহকুমাৰ ডবকা থানাৰ অন্তৰ্গত চৰ্দাৰ গাঁৱৰ পৰা সন্ধাহীন শিশুকেইটা । ভুক্তভোগী পৰিয়াল কেইটাই ডবকা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ (5 children missing in Hojai since Eid) ।

5 children missing in Hojai since Eid
ঈদৰ দিনাৰ পৰাই হোজাইত নিৰুদ্দেশ ৫ টিকৈ শিশু
author img

By

Published : Apr 25, 2023, 9:05 PM IST

ঈদৰ দিনাৰ পৰাই হোজাইত নিৰুদ্দেশ ৫ টিকৈ শিশু

হোজাই, ২৫ এপ্ৰিল: পৱিত্ৰ ঈদৰ দিনাৰ পৰাই মুখৰ হাঁহি হেৰাল হোজাইৰ কেইবাটাও পৰিয়ালৰ মুখত । হোজাই মহকুমাৰ ডবকা থানাৰ অন্তৰ্গত চৰ্দাৰ গাঁৱৰ পৰা ঈদৰ দিনা অৰ্থাৎ ২২ এপ্ৰিলৰ পৰা পাঁচটিকে শিশু সন্ধানহীন হৈ আছে । জানিবলৈ পৰা অনুসৰি ডবকা থানাৰ অন্তৰ্গত চৰ্দাৰ গাঁৱৰ পাঁচটি শিশু ঈদৰ দিনা ফুৰিবলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে (5 children missing in Hojai since Eid) ।

এই বিষয়ে ইতিমধ্যে ডবকা থানাত অভিভাৱকসকলে দাখিল কৰিছে এজাহাৰ । দুটি কন্যা শিশুসহ সন্ধানহীন হোৱা ১০-১২ বছৰ বয়সৰ এই শিশুকেইটিৰ নাম চাইবুৰ ৰহমান, ছাবিনা বেগম, শ্বৰীফ উদ্দিন, ৰবিজা বেগম আৰু ৰমিজ উদ্দিন । সন্ধানহীন হোৱা শিশুকেইটিৰ অভিভাৱকে জানিবলৈ দিয়ামতে ঈদৰ দিনা পুৱাৰ ভাগত প্ৰথমে বুঢ়ি গংগা, পিছত ভেলৌগুৰী আৰু তাৰ পিছত হোজাইত ফুৰিবলৈ আটাইকেইটি শিশু ওলাই যায় (Children from Hojai is missing) ।

নিশাৰ ভাগত হোজাইৰ কোনো এজন লোকে শিশুকেইটি তেওঁলোকৰ ঘৰত থকা বুলি ফোনযোগে পৰিয়ালৰ লোকক অৱগত কৰে । পাছত অভিভাৱকসকলে নিশা শিশুকেইটিক তাতে ৰাখি থ'বলৈ অনুৰোধ জনায় আৰু পুৱাৰ ভাগত আহি লৈ যাব বুলি ফোন কৰা লোকজনক জনায় । কিন্তু পিচদিনা ২৩ এপ্রিলত শিশুকেইটিক অনাৰ বাবে অভিভাৱকসকল লোকজনৰ ঘৰত উপস্থিত হোৱাত তেওঁ জনায় যে, তেওঁলোক পুৱা টোপনিৰ পৰা উঠাৰ পূৰ্বেই শিশুকেইটি তাৰ পৰা পলাই যায় (Children missing in Hojai) ।

পৰৱৰ্তী সময়ত শিশুকেইটিৰ অভিভাৱকসকলে আত্মীয়-স্বজনৰ উপৰি লংকা, হোজাই আদি অঞ্চলত সন্ধান কৰে যদিও কোনো সম্ভেদ উলিয়াব পৰা নাই । শিশুকেইটি কোনো শিশু সৰবৰাহকাৰীৰ কবলত পৰিছে নে নিজে ক'ৰবালৈ গৈছে, সেই বিষয়ে বৰ্তমানেও জানিব পৰা হোৱা নাই । সোমবাৰে আবেলি শিশুকেইটিৰ অভিভাৱকে ডবকা থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে শিশুকেইটিৰ সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে ।

কিন্তু বৰ্তমানৰ লৈকে শিশু কেইটাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । ইয়াৰ উপৰিও কোনো সদাশয় ব্যক্তিয়ে সন্ধান পালে 6002489921 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে সকলে আহব্বান জনায় ।

লগতে পঢ়ক: Bordubi rape case : বৰডুবি ধৰ্ষণকাণ্ডৰ ন্যায় বিচাৰি মহিলা আয়োগলৈ স্মাৰক পত্ৰ প্ৰদান মহিলা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.