হোজাই, 26 মে': হোজাই জিলাৰ লংকাৰ চামবাৰীত ৰাইজৰ তৎপৰতাত জব্দ এখন বাঘৰ চাল, গাঞ্জা, কপৌ চৰাই সহ এখন এল্ট’ বাহনত অসৎ কামত লিপ্ত হৈ থকা চাৰি গৰাকী যুৱক-যুৱতীক আটক কৰা হয় ৷ হোজাই জিলাৰ লংকাৰ শ্যামবাৰিৰ স্থানীয় ৰাইজে চাঁৰিজন লোকক আটক কৰি লংকা আৰক্ষীক গতাই দিয়ে ৷
লংকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখন তালাচী কৰাত গাড়ীৰ ভিতৰৰ পৰা উক্ত সামগ্ৰীখিনি উদ্ধাৰ হয় ৷ ঘটনা সংক্ৰান্তত পৰিমল দেৱনাথ, প্ৰশান্ত দেৱনাথ আৰু দুগৰাকী ছোৱালীক আটক কৰে লংকা আৰক্ষীয়ে ।
জানিব পৰা মতে, বিগত বহু দিনৰ পৰা লংকা চামবাৰী গাওঁত AS-19-B-6269 নম্বৰ মাৰুটি এল্ট’ বাহনখনেৰে গাওঁ খনত সঘনাই অহা যোৱা কৰাত ৰাইজৰ সন্দেহ হোৱাত বুধবাৰে পুনৰ গাড়ীখন গাঁৱত প্ৰৱেশ কৰাত গাঁৱৰ ৰাইজে গাড়ীখন আটক কৰি লংকা আৰক্ষী থানাত খবৰ দিয়ে ৷
উল্লেখ্য যে, আটকাধীন মহিলা দুগৰাকী দেহ ব্যৱসায়ৰ লগত জড়িত থকা বুলিও অভিযোগ কৰে স্থানীয় গাওঁৰ ৰাইজে । বৰ্তমান লংকা আৰক্ষীয়ে উক্ত ঘটনা সংক্ৰান্তত দুজন পুৰুষ আৰু দুগৰাকী মহিলাক আটক কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : 10 খনকৈ যাত্ৰীবাহী ৰে’ল বাতিলৰ সিদ্ধান্ত উত্তৰ পূৱ-ৰে’লৱেৰ