হোজাই, 2 জুন: হোজাই জিলাৰ লংকাত চিকিৎসকক আক্ৰমণৰ ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ দেশ ৷ জীৱনৰ নিৰাপত্তাক লৈ এতিয়া শংকা প্ৰকাশ কৰিছে চিকিৎসকসকলেও ৷
মঙলবাৰে সংঘটিত চিকিৎসকক আক্ৰমণৰ নিন্দনীয় ঘটনাৰ প্ৰতিবাদত আজি অৰ্থাৎ বুধবাৰে সমগ্ৰ অসমতে বন্ধ আছে বহিঃবিভাগৰ চিকিৎসা সেৱা ৷ আনহাতে, জৰুৰীকালীন সেৱা আৰু ক’ভিড কেন্দ্ৰত কৰ্তব্যৰত চিকিৎসা কৰ্মীসকলে নিজৰ কৰ্তব্য সম্পাদন কৰিব যদিও এইসকল চিকিৎসকে ক'লা বেজ পৰিধান কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ।
ইফালে নিশাই হোজাই আৰক্ষীয়ে এই আক্ৰমণৰ সৈতে জড়িত থকাৰ জয়নাল উদ্দিন আৰু কামাল উদ্দিন নামৰ দুজন লোকৰ সৈতে 24 জন লোকক গ্ৰেপ্তাৰ কৰিছে । নিশা এই ঘটনাৰ বাবে লংকাৰ উদালীত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰীও তদন্তৰ নিৰ্দেশ দিছে আৰক্ষীৰ শীৰ্ষ মহলক ৷
উল্লেখ্য যে, চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিৰ আৰু নাৰ্চ ললিতা ভৰালী ওপৰত হোৱা বৰ্বৰ আক্ৰমণত জড়িত ২৪ জন অপৰাধীক হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ইতিমধ্যে চিনাক্ত কৰা অপৰাধীকেইটাৰ নাম হৈছে-
১. ম: কামাৰুদ্দিন
২. ম: জৈনালুদ্দিন
৩. ম: ৰাহানুদ্দিন
৪. চাইফুল আলম
৫. ৰহিমুদ্দিন
৬. ৰিজুল ইছলাম
৭. টাইবুৰ ৰহমান
৮. ৰহিমুদ্দি
৯. আব্দুল কালাম
১০. নুৰজুল ইছলাম
১১. আব্দুল গুমি
১২. দিলৱাৰ হুছেইন
১৩. আব্দুল হুছেইন
১৪. আনোৱাৰ হুছেইন
১৫. ইক্ৰামুল হুছেইন
১৬. নাছিৰুদ্দিন
১৭. আলিমুদ্দিন
১৮. জামিল আহমেদ
১৯. চাহিল
২০. চৰিফুদ্দিন
২১. চাফিকুদ্দিন
২২. মফিজুৰ ৰহমান
২৩. মতিবুৰ ৰহমান
২৪. মিছ মিচবা বেগম
চিকিৎসকক আক্ৰমণৰ এই নিন্দনীয় ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিবাদ ৷ ঘটনাৰ উচিত তদন্ত বিচাৰিছে ৰাইজে ৷ এই ঘটনাৰ লগত জড়িত আটকাধীন অপৰাধী কেইটাৰ শাস্তি কি হ’ব, সেয়া সময়তহে হ’ব লক্ষণীয় ৷
লগতে পঢ়ক: লংকাৰ চিকিৎসকক আক্ৰমণৰ ঘটনাত জড়িত ২4 জনক গ্ৰেপ্তাৰ